এবছৰৰ পাছতো অন্ত পৰা নাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ৷ কেতিয়াবা ৰাছিয়াৰ সেনা আগবাঢ়িছে, কেতিয়াবা ইউক্ৰেইনৰ সেনাই ভূমি উদ্ধাৰ কৰিছে। ইয়াৰ মাজতে আজি ইউক্ৰেইনৰ সেনাবাহিনীয়ে ঘোষণা কৰে যে যোৱা ২৪ ঘন্টাত তেওঁলোকৰ আক্ৰমণত ২০০ৰো অধিক ৰাছিয়ান সৈনিকৰ নিহত হৈছে। আঘাতপ্ৰাপ্ত হৈছে আন বহু সেনা জোৱান ৷
ডনবাছ অঞ্চলৰ বাখমুট চহৰতো ৰাছিয়াৰ সমৰ্থিত বিচ্ছিন্নতাবাদী গোট সক্ৰিয় হৈ আছে। ইউক্ৰেইন চৰকাৰৰ বিৰুদ্ধেও যুঁজ দিছে। হতাহতৰ সংখ্যা একেবাৰে স্পষ্ট হোৱা নাই। পূব ইউক্ৰেইনৰ সেনাবাহিনীৰ মুখপাত্ৰ চেৰী চেৰেভাটিয়ে কয় যে বিগত ২৪ ঘণ্টাত ৰাছিয়াই ১৬ বাৰ আক্ৰমণ সংঘটিত কৰিছে। ২৩টা অঞ্চলত সংঘাত অব্যাহত আছে। ছেৰীয়ে কয় যে যুদ্ধৰ সময়ত শত্ৰুৰ ২২১ জন নিহত হৈছিল। আহত হৈছে ৩১৪জন লোক।
ৰাছিয়াই বাখমুটত সেনাৰ মৃত্যু সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ কিন্তু তেওঁলোকে পুনৰ দাবী কৰে যে ডনেটস্ক সীমান্তত ২১০ জন ইউক্ৰেইনৰ সৈন্যৰ মৃত্যু হৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে আজিৰ দিনটোতে কয় যে বাখমুটত যুদ্ধ অব্যাহত থাকিব। তেওঁৰ মতে, ৰাছিয়াৰ শ্ৰেষ্ঠ ইউনিটসমূহৰ আক্ৰমণত হেঁচা পৰিছে। আনহাতে মস্কোৱে দাবী কৰে যে বাখমুট দখল কৰিলে কিয়েভৰ প্ৰতিৰক্ষা ব্যৱস্থা ভংগ কৰিব পৰা যাব ৷ৰাছিয়াৰ বাহিনীয়েও ডনবাছৰ ঔদ্যোগিক অঞ্চলৰ দিশে আগবাঢ়িব।