বুধবাৰে তাছমেনিয়াৰ পশ্চিম উপকূলত সংঘটিত হয় এটা শোকাৱহ ঘটনা ৷ উপকূলটোত প্ৰায় ২৩০ টা তিমি আৱদ্ধ হৈ পৰাৰ ফলত অধিক সংখ্যক তিমিৰে মৃত্যু হয় ৷ অষ্ট্ৰেলিয়াৰ বিষয়াসকলে এই কথা সদৰী কৰিছে ৷
ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ বিভাগে কয় যে প্ৰায় ২৩০টা তিমিৰ এটা জাক মেকুৱেৰী বন্দৰৰ ওচৰত আবদ্ধ হৈ পৰে ৷ আকাশৰ পৰা লোৱা ছবিত দেখা পোৱা অনুসৰি কেইবা ডজনো ক’লা বৰণৰ -স্তন্যপায়ী প্ৰাণীবিধৰ বহু সংখ্যকৰ মৃতদেহ শাৰী শাৰীকৈ পৰি আছে ৷ প্ৰায় দুবছৰ আগতে একেটা অঞ্চলতে আন এজাক তিমি আৱদ্ধ হৈ পৰিছিল ৷ সেই জাকটোত আছিল ৫০০ তিমি । ইয়াৰে চাৰি শতাধিকৰে মৃত্যু ঘটিছিল ৷ তিমিসমূহ কিয় এনেদৰে আৱদ্ধ হৈ পৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷
ইতিমধ্যে সাগৰীয় সংৰক্ষণ বিশেষজ্ঞ আৰু তিমি উদ্ধাৰকাৰী দল এই স্থানলৈ ৰাওনা হৈছে ৷ এই সপ্তাহৰ আৰম্ভণিতে তাছমেনিয়া ৰাজ্যৰ এটা বিলত আৱদ্ধ হৈ ১৪টা তিমিৰ মৃত্যু হৈছিল ৷