উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়াবহ বাছ দুৰ্ঘটনা ৷ দেওবাৰে সন্ধিয়া ২৮ জন যাত্ৰী আৰু দুজন কৰ্মচাৰীসহ উত্তৰকাশী জিলাৰ পান্না জিলাৰ পৰা যমুনোত্ৰী ধাম অভিমুখী এখন বাছ ১৫০ মিটাৰ গভীৰ খাদত পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত দুৰ্ঘটনাটোত কমেও ২৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।
জিলা প্ৰশাসনৰ সৈতে উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানত জড়িত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) বিষয়াসকলৰ মতে ইতিমধ্যে ২৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পাঁচজন আহত লোকক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
এছডিআৰএফৰ দ্বাৰা জাৰী কৰা এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰা হৈছিল যে,”দেওবাৰে সন্ধিয়া আমাক জনোৱা হৈছিল যে পুৰোলা আৰক্ষী থানা অঞ্চলৰ তলত দামতাৰ পৰা প্ৰায় ৪ কিলোমিটাৰ আগতে এখন পৰ্যটকক লৈ যোৱা বাছ খাৱৈত পৰিছিল। খবৰ অনুসৰি বাছখনত ২৮-৩০ জন যাত্ৰী আছিল আৰু ১৫০ মিটাৰ গভীৰ খাদত পৰিছিল। তথ্য পোৱাৰ লগে লগে, এছডিআৰএফ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। উজেলি, মৰি, চক্ৰতা আৰু সহস্ৰধাৰা পদৰ বেকআপ দলও প্ৰেৰণ কৰা হৈছে,” ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত নিহত সকলৰ আত্মীয়সকলৰ আত্মীয়সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ অনুদান ক্ষতিপূৰণ ঘোষণা কৰিছে।আনহাতে আহতসকলক প্ৰতিজনক ৫০,০০০ টকা দিয়া হ’ব।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ডেৰাডুনৰ দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈছিল আৰু জিলা প্ৰশাসনক দ্ৰুততাৰে সাহাৰ্য্য আৰু উদ্ধাৰ ৰক্ষাৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমিত সিঙেও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাটোক লৈ ধামীৰ সৈতে কথা পাতি কয় যে অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দলসমূহো মোতায়েন কৰা হৈছে।