উত্তৰাখণ্ডৰ পৌৰী গড়ৱালত যোৱা নিশা সংঘটিত হয় এক ভয়াৱহ দূর্ঘটনা ৷ এখন বাছ দ’ খাৱৈত পৰি যোৱাৰ ফলত ২৫ জন বিবাহ যাত্ৰীৰ মৃত্যু ঘটে ৷ চিমদি গাঁৱৰ সমীপত দুৰ্ঘটনা সংঘটিত হোৱা স্থানত সম্পূৰ্ণ নিশা চলোৱা অভিযানত প্ৰায় ২১ জন যাত্ৰীক উদ্ধাৰ কৰা হয়।
প্ৰাপ্ত ধুমাকোটৰ বিৰোখাল অঞ্চলৰ পৌৰী গড়ৱাল এই বাছ দুৰ্ঘটনাত সংঘটিত হয় ৷ নিশাটোৰ ভিতৰতে আৰক্ষী আৰু এছ ডি আৰ এফ (ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী) ২১ জন লোকক উদ্ধাৰ কৰে ৷ দূর্ঘটনাত আহত লোক সকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোক ‘হৃদয় বিদাৰক’ বুলি অভিহিত কৰি সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। মোদীয়ে কয় “উত্তৰাখণ্ডৰ পৌৰীত সংঘটিত হোৱা বাছ দুৰ্ঘটনাটো হৃদয় বিদাৰক। আশাকৰোঁ যিসকল আহত হৈছে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। উদ্ধাৰ অভিযান চলি আছে। “
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাৱহ কাণ্ডত মৃত্যু হোৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে ৷
ইয়াৰ পূৰ্বে হৰিদ্বাৰ আৰক্ষী অধীক্ষক স্বতন্ত্ৰ কুমাৰ সিঙে জনাইছিল যে পৌৰী গড়ৱালত দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা প্ৰায় ১২২ কিলোমিটাৰ দূৰত্বত থকা জিলাখনৰ লালধাঙৰ পৰা বিবাহ দলটো ৰাওনা হৈছে।