এক শক্তিশালী ভূমিকম্পই সোমবাৰে জোঁকাৰি যায় আফগানিস্তান ৷ এই বিধ্বংসী ভূমিকম্পত পশ্চিম আফগানিস্তানত ২৬ জন লোকৰ মৃত্যু হয় ৷ প্ৰদেশখনৰ মুখপাত্ৰ বাজ মহম্মদ চাৰৱাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি পশ্চিম প্ৰান্তৰ প্ৰদেশ বদঘিছৰ কাদিছ জিলাত বাসগৃহ ভাগি পৰাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে ৷ এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কুলত ৫.৩ ৷ এই ভূমিকম্পৰ পিছত তুৰ্কমেনিস্তানৰ সীমান্তৱৰ্তী পশ্চিম বদঘিছ প্ৰদেশত শতাধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয়। ভূমিকম্পত নিহত ২৬ জন লোকৰ ভিতৰত পাঁচগৰাকী মহিলা আৰু চাৰিটা শিশু আছে ৷
উল্লেখ্য যে ৫.৩ প্ৰৱল্যৰ ভূমিকম্পটোৰ দুঘণ্টা পিছত ৪.৯ প্ৰাবল্যৰ আন এটা ভূমিকম্পই সমগ্ৰ অঞ্চলটো জোঁকাৰি যায় ৷ ভূমিকম্পৰ ফলত ৭০০ তকৈও অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে ৷ ভূমিকম্পটোৰ ফলত মুকুৰ জিলাতো ব্যাপক প্ৰভাৱ পৰিছে যদিও এতিয়ালৈ জানিব পৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমান ৷ হিন্দুকুশ পৰ্বতমালাৰ ইউৰেচিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ সংযোগস্থলৰ ওচৰত অৱস্থিত হোৱাৰ বাবে দেশখনত সঘনাই ভূমিকম্প হৈ আহিছে ৷ । ভূমিকম্পৰ বাবে আফগানিস্তানত দুৰ্বলভাৱে নিৰ্মিত ঘৰ আৰু অট্টালিকাৰ গুৰুতৰ ক্ষতি হৈ আহিছে ৷