যুগে যুগে দৃশ্য আৰু শ্রব্য তথ্য সমূহে আমাক এখন সমাজৰ বিষয়ে জনাই আহিছে। দৃশ্য আৰু শ্রব্য তথ্য সমূহৰ দ্বাৰা আমি এটা যুগৰ বা এখন সামাজৰ সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক অৱস্থাৰ কথা অনুধাৱন কৰিব পাৰোঁ। সেই উপাদান সমূহেই প্রকৃতাৰ্থত আমাৰ সম্পদ কিম্বা ঐতিহ্য ৷ পৃথিৱীৰ প্রতিটো জাতিৰ নিজ নিজ ঐতিহ্য আছে আৰু সেই দৃশ্য শ্ৰব্য ঐতিহ্য সমূহ সংৰক্ষণ বা স্মৰণ কৰাৰ বাবেই প্রতিবছৰে ২৭ অক্টোবৰৰ দিনটো দৃশ্য শ্রব্য ঐতিহ্য দিৱস ৰূপে উদযাপন কৰা হয।
আজিও আমি অতীতৰ কিবা এটা দৃশ্য শ্ৰব্য মাধ্যমৰ যোগেদি সেই সময় উদযাপন কৰিব পাৰিছোঁ বা সেই সময়লৈ ঘূৰি যাব পাৰিছোঁ।শ্ৰব্য মাধ্যমৰ যোগেদি এটা কণ্ঠস্বৰ শুনি আমি সেই সময়ৰ সাহিত্য সংস্কৃতি বা সামাজিক অৱস্থাৰ বিষয়ে জানিব পাৰোঁ যাৰ ফলত আমি আমাৰ ঐতিহ্য বা পৰম্পৰাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ।বিংশ শতিকাত মানুহৰ মাজত এই ক্ষেত্ৰত সজাগতাৰ অভাৱ আছিল বাবে বহুতো দৃশ্য শ্ৰব্য সম্পদ চিৰদিনলৈ নোহোৱা হৈ যায়। সেয়েহে দৃশ্য শ্ৰব্য সম্পদৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ কথা জনোৱা বা জনসমাজত এই বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য।
২০০৫ চনত ইউনেস্ক’ৰ দ্বাৰা ঘূৰি থকা ছবি তথা দৃশ্য শ্ৰব্য তথ্য সংৰক্ষণৰ কথা চিন্তা কৰি আৰু দৃশ্য শ্রব্য তথ্য সমূহৰ প্রয়োজনীয়তাৰ কথা মানুহক অৱগত কৰাবৰ বাবে প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷
২০২১ বর্ষৰ দৃশ্য শ্রব্য ঐতিহ্য দিৱসৰ থিম হ’ল ‘ইয়’ৰ উইণ্ড’ টু দ্য ৱৰ্ল্ড’ ৷
বিভিন্ন ধৰণৰ ল’গ’প্ৰতিযোগিতা, দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠান , দৃশ্য শ্ৰব্য সম্পদ সংৰক্ষণ বা সজাগতাৰ বাবে বিভিন্ন আলোচনা আৰু বিশেষ ছবি প্ৰদৰ্শনৰ জৰিয়তে এই দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়।