মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে চিবিআইয়ে এটা বৃহৎ দল নিযুক্তি দিছে ৷ দেশজুৰি নিজৰ সংস্থাৰ পৰা নিৰ্বাচিত ২৯গৰাকী মহিলাকে ধৰি ৫৩জন বিষয়াক মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হৈছে ৷
তিনিজন ডি আই জি – লাভলী কাটিয়াৰ, নিৰ্মলা দেৱী আৰু মোহিত গুপ্তা আৰু আৰক্ষী অধীক্ষক ৰাজবীৰক সামৰি লোৱা দলটোৱে যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ক প্ৰতিবেদন দাখিল কৰিব ৷ এই সমগ্ৰ ঘটনাৰ সামগ্ৰিক তদন্তৰ তদাৰক কৰিব ঘনশ্যাম উপাধ্যায়ে ৷ প্ৰথমবাৰৰ বাবে চিবিআইয়ে কোনো গোচৰত ইমানসংখ্যক মহিলা বিষয়াক নিযুক্তি প্ৰদান কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি চিবিআইয়ে কেইবাটাও গোচৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯ৰ বিধান অনুসৰি তদন্ত কৰাৰ সম্ভাৱনা আছে ৷ যাৰ তদন্তৰ ভাৰ এজন উপ-আৰক্ষী অধীক্ষক পদৰ বিষয়াক প্ৰদান কৰা হ’ব ।
যিহেতু এনে ক্ষেত্ৰত উপ-আৰক্ষী অধীক্ষকসকল তত্বাৱধায়ক বিষয়া হ’ব নোৱাৰে, সেয়েহে সংস্থাটোৱে তদন্তৰ তদাৰক আৰু নিৰীক্ষণৰ বাবে তিনিজন ডি আই জি আৰু এজন এছ পি প্ৰেৰণ কৰিছে বুলিও জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ১৬ জন পৰিদৰ্শক আৰু ১০ জন উপ পৰিদৰ্শকও দলটোৰ অংশ হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে।
সাধাৰণতে যেতিয়া ইমান বৃহৎ সংখ্যক গোচৰ চিবিআইক গতাই দিয়া হয়, তেতিয়া সংস্থাটোৱে সংশ্লিষ্ট ৰাজ্যখনৰ স্থানীয় বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি বিষয়াসকলে জনায়। কিন্তু মণিপুৰৰ ক্ষেত্ৰত তেওঁলোকে তদন্তত পক্ষপাতিত্বৰ কোনো অভিযোগৰ পৰা হাত সাৰিবলৈ স্থানীয় বিষয়াৰ ভূমিকাক নূন্যতম কৰাৰ চেষ্টা কৰিব বুলিও কয় বিষয়াসকলে।
ইতিমধ্যে সংস্থাটোৱে ৪ মে’ত মহিলাক উলংগ কৰি সমদল উলিওৱা ঘটনাৰ সৈতে জড়িত দুটা গোচৰকে ধৰি ৮টা গোচৰ ৰুজু কৰিছে ৷ মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৯টা গোচৰৰ তদন্ত আৰম্ভ কৰিব চিবিআইয়ে ৷ যাৰ ফলত সংস্থাটোৱে তদন্ত কৰা মুঠ গোচৰৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাব বুলি বিষয়াসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় সংস্থাটোৰ তদন্ত এই ১৭টা গোচৰতে সীমাবদ্ধ নাথাকিব। মহিলাৰ বিৰুদ্ধে অপৰাধ বা যৌন নিৰ্যাতনৰ সৈতে জড়িত আন যিকোনো গোচৰো অগ্ৰাধিকাৰ ভিত্তিত তদন্তৰ আওতালৈ আনিব ৷