যোৱা সপ্তাহত হায়দৰাবাদৰ জুবিলী হিলছত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত দুজন কিশোৰসহ তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত এজন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ স্থানীয় নেতাৰ পুত্ৰ। আজি দুজন নাবালকক গ্ৰেপ্তাৰ কৰাৰ পূর্বে কালি আৰক্ষীৰ জালত পৰিছিল ছাদুদ্দিন মালিক নামৰ এজন অভিযুক্ত।
যোৱা ২৮ মে’ত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত এটা পাৰ্টিৰ অন্তত ঘৰলৈ উভতি অহাৰ সময়ত ৫ জন যুৱকে কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্তসকলৰ তিনিজন নাবালক। তেলেংগানাৰ ৰাজধানীৰ মাজমজিয়াত এই অপৰাধ সংঘটিত হোৱা বিলাসী গাড়ীখনৰ চালকৰ আসনত থকাজন ৰাজনীতিবিদৰ সন্তান বুলি প্ৰকাশ হোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
শাসকীয় টি আৰ এছৰ কাৰ্যকৰী সভাপতি তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওৱে শুকুৰবাৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) আৰু হায়দৰাবাদ চহৰৰ আৰক্ষী আয়ুক্তক এই গোচৰত “তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা” গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।বিৰোধী বিজেপিয়ে শাসকীয় টি আৰ এছ আৰু আছাদুদ্দিন ওৱেছিৰ আই আই এম আই এম দলৰ নেতা জড়িত থকাৰ অভিযোগ উত্থাপন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাত পলম হোৱাৰ অভিযোগ কৰিছে ৷ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত আৰক্ষীৰ বিৰুদ্ধে বিজেপিৰ সদস্যই ধৰ্ণা প্ৰদর্শণ কৰে।