আমেৰিকাত সংঘটিত এক শোকাৱহ পথ দূর্ঘটনাত প্ৰাণ হেৰুৱাইছে তিনিজন ভাৰতী ছাত্ৰই ৷ পশ্চিম মেছাচুচেটছত দুখন বাহনৰ মাজত হোৱা সংঘর্ষৰ ফলত ছাত্ৰ তিনিজনৰ মৃত্যু ঘটে ৷
বাৰ্কশ্বাৰ জিলা এটৰ্নীৰ কাৰ্যালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি থিতাতে নিহত হোৱা চাত্ৰকেইজন হৈছে প্ৰেম কুমাৰ ৰেড্ডী গোডা (২৭), পৱনী গুল্লাপল্লী (২২) আৰু ছাই নৰসিংহ পাটামছেট্টি (২২) ৷ এই দুর্ঘটনাত আহত আন পাঁচজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ তদুপৰি আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
পুৱা প্ৰায় ৫:৩০ বজাত বাহন দুখনৰ মাজত সংঘৰ্ষ হয়। গাড়ীখনত থকা আন চাৰিজন যাত্ৰী ক্ৰমে ২৩ বছৰীয়া মনোজ ৰেড্ডী ডোণ্ডা, ২২ বছৰীয়া শ্ৰীধৰ ৰেড্ডী চিন্তাকুন্ত, ২৩ বছৰীয়া বিজিথ ৰেড্ডী গুম্মালা, আৰু ২২ বছৰীয়া হিমা ইশ্বৰ্য ছিদ্দিৰেডীক বাৰ্কশ্বাৰ মেডিকেলত ভর্ত্তি কৰোৱা হৈছে ৷
আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষই গাড়ীখনত থকা লোকসকলক আন্তঃৰাষ্ট্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ বুলি চিনাক্ত কৰিছে ৷ আন ছয়জনে নিউ হেভেন বিশ্ববিদ্যালয়ত আৰু এজনে ছেক্ৰেড হাৰ্ট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল ৷ আনখন গাড়ীৰ চালক ৪৬ বছৰীয়া আৰ্মাণ্ডো বাউটিষ্টা-ক্ৰুজক চিকিৎসাৰ বাবে ফেয়াৰভিউ মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয়।