এগৰাকী বিদেশী মহিলাৰ চকুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় দিল্লীত ৷ মায়’ছিছ নামৰ এক জটিল ৰোগত আক্ৰন্ত হোৱা মহিলা গৰাকীৰ চকুৰ পৰা চিকিৎসকে উলিয়ালে তিনিটা জীৱন্ত পোক ৷ শেহতীয়াকৈ আমাজন অৰণ্য পৰিদৰ্শন কৰিছিল আমেৰিকান মহিলগৰাকীয়ে ৷ আমাজনৰ পৰা ওভতি অহাৰ পাছতে তেওঁ চকুৰ অসুখত ভোগে ৷ লগে লগে চিকিৎসকৰ পাৰমর্শ অনসৰি কৰা পৰীক্ষাত তেওঁৰ চকুত সংক্ৰমণ হোৱাটো ধৰা পৰে ৷ দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ সফল অস্ত্ৰোপচাৰ কৰা হয় ৷
অস্ত্ৰোপচাৰৰ সময়ত ৩২ বছৰীয়া মহিলাগৰাকীৰ চকুৰ পৰা প্ৰায় 2 চেণ্টি মিটাৰ আকাৰৰ তিনিটা জীৱিত পোক উলিওৱা হয় ৷ উল্লেখ্য যে চকু ৰঙা পৰা, আৰু সোঁ চকুৰ পতা উখহাৰ পাছত তেওঁ চিকিৎসালয়লৈ গৈছিল ৷মহিলা গৰাকীয়ে লগতে প্ৰকাশ কৰিছিল যে বিগত ৪-৬ সপ্তাহ ধৰি তেওঁ চকুৰ পতাৰ ভিতৰত কিবা এটা চলাচল কৰাৰ দৰে অনুভৱ কৰিছিল ৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকৰ পৰামৰ্শ লৈছিল যদিও এই সংক্ৰমন ধৰা পেলাব পৰা নাছিল ৷ যাৰ বাবে চিকিৎসকে তেওঁক কেইটামান ঔষধ দিয়েই ঘৰলৈ যাবলৈ অনুমতি দিছিল ৷
অস্ত্ৰোপচাৰ সম্পন্ন হোৱা দিল্লীৰ ফর্টিচ হাস্পতালৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ মহম্মদ নাদিমে কয়, “এইটো মায়াচিছৰ এটা অতি বিৰল ঘটনা আছিল। যাৰ বাবে ৰোগীজনৰ লগে লগে সকলো পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক মহিলা গৰাকী হৈছে ভ্ৰমণকাৰী ৷ দুমাহ আগতে তেওঁ আমাজনৰ জংঘল ভ্ৰমণ কৰি আহিছিল ৷ সেয়েহে তেওঁৰ ভ্ৰমণৰ ইতিহাসৰ পৰা ৰোগৰ লক্ষণ অনুমান কৰি ৰোগ নিৰ্ণয় কৰা হৈছিল ৷” অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসক ডাঃ নাৰোলা য়াংগাৰে প্ৰকাশ কৰা অনুসৰি সোঁ চকুৰ পতাৰ পৰা, ডিঙিৰ পিছফালৰ পৰা আৰু সোঁ বাহুৰ পৰা এই জীৱন্ত পোক আতঁৰোৱা হৈছিল ৷
এই অস্ত্ৰোপচাৰটো এনাস্থেচিয়া অবিহনে ১০-১৫ মিনিটত সম্পূৰ্ণ কৰা হৈছিল। মধ্য আৰু দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ দৰে ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলসমূহত এই ৰোগৰ প্ৰাদুর্ভাৱ বেছি ৷