অজিত কুমাৰ ভূঞাৰ নিলম্বণৰ পিছতে সদনৰ পৰা নিলম্বিত আপৰ সাংসদ সুশীল কুমাৰ গুপ্তা আৰু সন্দীপ কুমাৰ পাঠক ৷
স্বতন্ত্ৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি আৰু তিনিজন সাংসদক আজি ৰাজ্যসভাৰ পৰা সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ অভিযোগত নিলম্বিত কৰা হৈছে।সদনৰ পৰা নিলম্বিত হোৱা আন সাংসদসকল হ’ল আপৰ সাংসদ সুশীল কুমাৰ গুপ্তা আৰু সন্দীপ কুমাৰ পাঠক।
আজিৰ এই পদক্ষেপৰ সৈতে, মঙলবাৰৰ পৰা ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱা মুঠ সাংসদৰ সংখ্যা ২৩জনলৈ লৈ বৃদ্ধি পাইছে।
উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে তেওঁলোকৰ নিলম্বন ঘোষণা কৰি কয় যে তেওঁলোকে সদনত প্ৰৱেশ কৰি শ্ল’গান দিছিল , সদন আৰু অধ্যক্ষৰ কৰ্তৃত্বক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কাৰ্যক্ৰম ব্যাহত কৰি প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল।
সেয়েহে তেওঁলোকক “নিয়ম ২৫৬-ৰ অধীনত চলিত সপ্তাহৰ বাকী সময়ৰ বাবে পৰিষদৰ সেৱাৰ পৰা নিলম্বন” ঘোষণা কৰা হয় ।
বুধবাৰে, আপৰ সাংসদ সঞ্জয় সিঙক মঙলবাৰে সদনৰ কাৰ্যক্ৰমৰ সময়ত “চকীত কাগজ নিক্ষেপ” কৰাৰ বাবে এই সপ্তাহৰ বাকী সময়ৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল।
বাৰে বাৰে কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে এই সপ্তাহৰ বাকী সময়ছোৱাত মুঠ ১৯ জন বিৰোধী সাংসদক উচ্চ সদনৰ পৰা নিলম্বিত কৰা হৈছিল। উচ্চ সদনত এয়া আছিল সৰ্বাধিক সংখ্যক নিলম্বন। উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰত, কৃষি বিলক লৈ বাৰিষা অধিৱেশনৰ সময়ত সৃষ্টি কৰা হুলস্থূলৰ বাবে সমগ্ৰ শীতকালীন অধিৱেশনৰ বাবে ১২ জন বিৰোধী সাংসদক নিলম্বিত কৰা হৈছিল।
নিলম্বিত ১৯ জন সদস্যৰ ভিতৰত ৭ জন টিএমচিৰ, ছয়জন সাংসদ ডিএমকে, তিনিজন টিআৰএছ, দুজন চিপিএম আৰু এজন চিপিআইৰ।
এতিয়ালৈকে, সংসদৰ বাৰিষা অধিৱেশনত ৰাজ্যসভাৰ ২৩ জন সাংসদ আৰু ৪ জন লোকসভা সাংসদক নিলম্বন কৰা হৈছে।