মংগলবাৰে দক্ষিণ বেংগলত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় ৬ জন লোকৰ। প্ৰাপ্ত তথ্য মতে সোমবাৰে ৰাতিপুৱাৰ পৰা প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰে , যিয়ে সাধাৰণ লোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে বাৰাকপুৰ নামৰ ঠাইৰ উত্তৰ ২৪ পাৰগানাছ জিলাত এটা পৰিয়ালৰ তিনিজন লোক বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুমুখত পৰে। পৰিয়ালটো থকা ঘৰটোত প্ৰৱল বৰষুণৰ ফলত পানী জমা হৈছিল। জানিবলৈ পোৱা মতে পৰিয়ালৰ মূল গৰাকীয়ে ঘৰৰ মোবাইল ফোন চাৰ্জ দিবলৈ যাঁওতে বিদ্যুৎপৃষ্ঠ হয়। আনহাতে লোকজনৰ পত্নীয়ে তেঁওক সহায় কৰিবলৈ যাওঁতে তেঁৱো বিদ্যুৎৰ সংস্পৰ্শলৈ আহে। দম্পত্তি হালৰ ডাঙৰ পুত্ৰই মাকক সহায় কৰিবলৈ যাঁওতে পুনৰ বিদ্যুৎপৃষ্ঠ হয়। তিনিওজনকে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পাছত মৃত বুলি ঘোষণা কৰে চিকিৎসকে। আনহাতে দম্পত্তি হালৰ চাৰি বছৰীয়া পুত্ৰ বৰ্তমান বিপদৰ পৰা মুক্ত বুলি জানিবলৈ পোৱা গৈছে।
ইয়াৰ উপৰিও উত্তৰ ২৪ পাৰগানাছ জিলাৰ তিতাগঢ় নামৰ ঠাইতো এজন ১৪ বছৰীয়া কিশোৰৰ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু ঘটে। প্ৰাপ্ত তথ্য মতে পানীৰে আগুৰি থকা বাবে ভূলবশতঃ কিশোৰজনে এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত ভৰি দিয়াৰ ফলতেই সংঘটিত হয় এই ঘটনা।
উল্লেখ্য যে পূৰ্বা মেদিনীপুৰ জিলাত ভগৱানপুৰ নামৰ ঠাইলৈ নাৱত সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তো দুজন লোকৰ মৃত্যু হয়। এই ঘটনাত তিনিজন লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় আৰু তেঁওলোকক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।
কলিকতা আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত প্ৰবল বৰষুণৰ ফলত পানী জমা হৈ গৈ আছে। আনহাতে জমা হোৱা পানী উলিয়াবলৈ চেষ্টা কৰা হৈছে যদিও বৰ্তমানলৈকে সাম্ভাৱ্য ফল পোৱা হোৱা নাই।
উল্লেখযোগ্য যে কলিকতাৰ কিছুমান দ‘ ঠাইত থকা লোকে এইক্ষেত্ৰত যথেষ্ট যাতনা ভূগিছে। বিশেষকৈ বেহালাৰ কাষৰীয়া ঠাই , ই এম বাইপাছ , শকুন্তলা পাৰ্ক , চাৰছুনা , বাৰিসা , কামাৰহাটী আদি প্ৰায়ভাগ অঞ্চল জলমগ্ন হৈ আছে।