বাক্সাৰ চূণবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। তিনিগৰাকী ছাত্ৰীয়ে একেলগে আত্মহত্যা কৰিবলৈ চেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চাওমিনৰ সৈতে বিহপান কৰি আত্মহত্যা কৰিবলৈ ছাত্ৰীকেইগৰাকীয়ে চেষ্টা কৰে ৷ ইয়াৰে এজন ছাত্ৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
আন দুগৰাকী ছাত্রীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তিনিওগৰাকী ছাত্ৰী চূণবাৰী প্রগতি জাতীয় বিদ্যালয়ত অধ্যয়নৰত ৷
উল্লেখ্য যে ছাত্রী তিনিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল এক অভিযোগ। বিদ্যালয়ৰ ব’ৰ্ডত অশ্লীল শব্দ লিখাৰ অভিযোগ উত্থাপন হৈছিল ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে। যাক লৈ ছাত্ৰী কেইগৰাকী মানসিক অশান্তিত ভূগিবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে কালপানী বজাৰলৈ আহি চাওমিনৰ সৈতে বিহপান কৰিছিল ৩ ছাত্রীয়ে।
এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আনহাতে সংকটজনক অৱস্থাত দুগৰাকী ছাত্ৰী হাস্পতালত ভৰ্তি হৈ আছে।