গুৱাহাটী মহানগৰীৰ জালুকবাৰীত আৰক্ষীৰ এক ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে তিনিটা মোবাইল ফোন আৰু মুঠ ১৮,১৬০ টকাৰ নগদ ধনো জব্দ কৰে ।
আজি গুৱাহাটীত এক গুৰুত্বপূৰ্ণ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত জালুকবাৰী আৰক্ষীয়ে জব্দ কৰে এই সামগ্ৰী লগতে আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত গাঞ্জাসহ আটক কৰে দুজন লোকক । গ্ৰেপ্তাৰ কৰা লোক দুজনক হাজোৰ বাসিন্দা বিশ্ব দাস আৰু ৰিতু কলিতা বুলি চিনাক্ত কৰা হৈছে।
অবৈধ সামগ্ৰী ৰখাৰ অভিযোগত দুয়োকে আটক কৰা হৈছে আৰু বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোধা-পোছা অব্যাহত আছে ।
উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী সকলকো গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে ।