বাংলাদেশত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ দক্ষিণ বাংলাদেশত এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত ৩২ জন লোকৰ মৃত্যু হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি দেশখনৰ ৰাজধানী ঢাকাৰ পৰা ২৫০ কিলোমিটাৰ দক্ষিণে অৱস্থিত জালোকাঠিত আজি নিচেই পুৱা এই ঘটনা সংঘটিত হয়। ফেৰীখনত প্ৰায় ৫০০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷
অঞ্চলটোৰ শীর্ষ আৰক্ষী বিষয়া মইনুল ইছলামে সংবাদ মাধ্যমৰ সন্মুখত কয় “তিনিমহলীয়া অভিযান ১০ নামৰ ফেৰীখন গৈ থকা অৱস্থাতে নদীৰ মাজভাগত জুই লাগে ৷ । আমি ৩২ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো । মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বেছিভাগেই অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে ৷ আন একাংশ লোকে আতংকিত হৈ নদীত জাঁপ দিয়াৰ বাবে মৃত্যু হৈছে ৷” তদুপৰি তেওঁ কয় যে ইঞ্জিন কোঠাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি আশংকা কৰা হৈছে ৷ নদীৰ মাজতে দপদপকৈ ফেৰীখন জ্বলি উঠাত সম্পূর্ণৰুপে দ্বিখণ্ডিত হৈ পৰে ৷ ইতিমধ্যে ১০০ জন আহত লোকক বৰিচালৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ১৭০ নিযুত লোকে বাস কৰা দেশখনৰ জাহাজ পৰিবহন ব্যৱস্থাৰ দুৰ্বল আন্তঃগাঠনি আৰু ফেৰীসমূহত অত্যাধিক ভিৰৰ বাবে এনেধৰণৰ দূর্ঘটনা সময়ে সময়ে সংঘটিত হৈ আছে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে ৷