চলিত বর্ষত মুকলিৰ পাছতে পর্যটকৰ আশানুৰূপ আগমন ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ বিগত এমাহতে কাজিৰঙালৈ আগমন ঘটিছে ৩৫ হাজাৰ দেশী -বিদেশী পৰ্যটকৰ ৷ যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল ৷ জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰা হৈছিল পর্যটকসকলৰ বাবে ৷
শেহতীয়াকৈ যোৱা ১৫ নৱেম্বৰত বুঢ়াপাহাৰ বনাঞ্চলত মুকলি কৰা হয় জীপ ছাফাৰী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তথ্যমতে ১৫ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ৩৫ হাজাৰ দেশী বিদেশী পৰ্যটকে৷ পর্যটকসকলৰ ভিতৰত ১,২৮০ গৰাকী বিদেশী ৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে প্ৰথম ৩০ দিনত জীপ ছাফাৰীৰ পৰা সংগ্ৰহিত ৰাজহৰ পৰিমান ৭৫ লাখ ৷ হাতী ছাফাৰীত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৪ লাখ ৷ আনহাতে ভোমোৰাগুৰিৰ নদী পৰ্যটনেও লাভ কৰিছে পৰ্যটকৰ সহাঁৰি৷ বৰ্তমান বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হৈছে চাইক্লিং ৷শীত নমাৰ লগে লগে কাজিৰঙালৈ আৰম্ভ হৈছে পৰিভ্ৰমী পক্ষীৰ আগমন ৷