প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ নুশুনা বাবে ৩৬ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷চণ্ডীগড়ৰ নেশ্যনেল ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেশ্যনৰ কৰ্তৃপক্ষই প্ৰথম আৰু তৃতীয় বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক এসপ্তাহৰ বাবে হোষ্টেলৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিছে।
মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ বিতৰ্ক আৰম্ভ হৈছে। এই প্ৰশ্নও উত্থাপন হৈছে যে ছাত্ৰ-ছাত্ৰীক এনে নিৰ্দেশনা দিয়াৰ কোনো অধিকাৰ তেওঁলোকৰ আছে নেকি? এই ঘটনাত ৰাজনৈতিক হেঁচা বন্ধ হোৱা নাই। তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই টুইট কৰি মোডী চৰকাৰক আক্ৰমণ কৰি কয়, ‘মই কেতিয়াও মান কি বাত শুনা নাই। মোকো এসপ্তাহ ঘৰৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিয়া হ’বনে? এইবাৰ সঁচাকৈয়ে ভয় খালোঁ।”