উত্তৰ ভাৰতত অব্যাহত আছে মুষলধাৰ বৰষুণ। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, দিল্লী, হাৰিয়ানা, ৰাজস্থান, পঞ্জাৱ, জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যসমূহ ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। যোৱা তিনিদিনত ভূমিস্খলন আৰু হৰপ্পা বান্ধৰ ফলত কমেও ৩৭ জন লোকে প্ৰাণ হেৰুৱাইছে।
উত্তৰ ভাৰতৰ বৃহৎ অংশ বিগত কিছুদিন ধৰি অবিৰত বৰষুণত অব্যাহত আছে। মৌসম ভৱনে ইতিমধ্যে হিমাচল প্ৰদেশৰ মাণ্ডী, কিন্নৌৰ আৰু লাহুল-স্পিতিত বান সতৰ্কবাণী জাৰি কৰিছে ৷ মৌসম ভৱনে মঙলবাৰে হিমাচলৰ প্ৰায় সকলো ঠাইতে প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । ৰাজ্য চৰকাৰেও বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। অবিৰত বৰষুণৰ মাজতে ঘৰৰ ভিতৰতে থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে। ইয়াৰ উপৰিও কেইবাটাও হেল্পলাইন নম্বৰ চৰকাৰে মুকলি কৰিছে।
মঙলবাৰে দিল্লীতো বৰষুণৰ বাবে অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। ইতিমধ্যে যমুনাৰ জলপৃষ্ঠই বিপদৰ স্তৰ অতিক্ৰম কৰিছে বুলি কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰিছে। আশা কৰাতকৈ আগতেই নদীৰ পানীয়ে বিপদৰ স্তৰ অতিক্ৰম কৰাত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। দিল্লীত তুলনামূলকভাৱে নিম্নভূমি অঞ্চলৰ বাসিন্দাসকলক আন ঠাইলৈ স্থানান্তৰিত কৰিছে প্ৰশাসনে। মহানগৰীৰ বিভিন্ন অঞ্চলত সাহায্য শিবিৰ আৰু কমিউনিটি চেণ্টাৰো স্থাপন কৰা হৈছে। দিল্লী চৰকাৰে বান প্ৰৱণ অঞ্চল আৰু যমুনাৰ জলস্তৰ নিৰীক্ষণৰ বাবে ১৬টা কণ্ট্ৰল ৰুম স্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও কয় যে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সাজু।
হিমালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতো ক্ষতিগ্ৰস্ত উত্তৰাখণ্ডৰ লোকসকল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে ৰাজ্যত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰি চাৰিধাম তীৰ্থযাত্ৰীসকলক সজাগ হ’বলৈ কয়। সংবাদ সংস্থা এএনআইক ধামীয়ে কয়, ‘প্ৰতি বাৰিষাত আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। এই ছিজনত আমি সতৰ্ক। আমি সকলো চাৰিধাম তীৰ্থযাত্ৰীক সতৰ্ক হৈ বতৰক মনত ৰাখি যাত্ৰা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো।”
পঞ্জাৱ আৰু হাৰিয়ানাতো একেৰাহে তিনিদিন ধৰি ধাৰাসাৰ বৰষুণত অব্যাহত আছে। ৰাজ্য দুখনত এতিয়ালৈকে কমেও ৯ জন লোকৰ মৃত্যু হৈছে। পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয় ১৩ জুলাইলৈকে বন্ধ কৰাৰ নিৰ্দেশ দিছে। উত্তৰ ভাৰতত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বিভিন্ন ৰাজ্যৰ বহু গাড়ী, ৰাস্তা-ঘাট, দলং, দোকান-পোহাৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।