চুক্তি অনুসৰিয়েই আন চাৰিখন ৰাফেল যুজাঁৰু বিমান শীঘ্ৰে ফ্ৰান্সৰ লাভ কৰিব ভাৰতে ৷ ইয়াৰে তিনিখন ৰাফেল অহা ১-২ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতত উপস্থিত হ’ব ৷ নতুনকৈ ভাৰতক প্ৰদান কৰিব লগীয়া এই ৰাফেলসমুহৰ আছে কেইবাটাও বিশেষত্ব ৷ ভাৰতত প্ৰয়োজন অনুসাৰে এই ৰাফেল বিমানত সংযোজন কৰা হৈছে বিভিন্ন প্ৰতিৰক্ষামুলক ব্যৱস্থা ৷ ইয়াৰ লগে লগে ভাৰতীয় বায়ুসেনাই শত্ৰুৰ সৈতে অধিক পৰাক্ৰমেৰে যুঁজিবলৈ শক্তিশালী হ’ব ৷ উল্লেখ্য যে তিনিখন ৰাফেল যুঁজাৰু বিমানে বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অহা ১-২ ফেব্ৰুৱাৰীত দক্ষিণ ফ্ৰান্সৰ মাৰ্চেইলৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত ইষ্ট্ৰেছ-লে টিউব বিমান ঘাটিৰ পৰা ভাৰতত উপস্থিত হ’ব বুলি আশা কৰা হৈছে ৷
আনহাতে, অন্তিম খন যুঁজাৰু বিমান অহা এপ্ৰিলতহে লাভ কৰিব ভাৰতীয় বায়ু সেনাই ৷ যোৱা ডিচেম্বৰত উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা আলোচনাৰ বাবে ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা সচিব অজয় কুমাৰে ইষ্ট্ৰেছ বিমান ঘাটিত এই যুঁজাৰু বিমানসমুহ পৰিদৰ্শন কৰিছিল।ৰাফেল বিমানসমুহত ভাৰতৰ প্ৰয়োজন অনুসাৰে কি কি সা-সুবিধা সংযোজন কৰা হৈছে সেই সন্দর্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই ভাৰতীয় বায়ু সেনাই ৷ কিন্তু এয়াৰ টু এয়াৰ মিচাইল, ল’বেণ্ড ফ্ৰিকুৱেন্সী জামাৰ , এডভান্সড কমিউনিকেচন ছিষ্টেম, অধিক সক্ষমতা থকা ৰেডিঅ’ অল্টিমিটাৰ,ৰাডাৰ ৱাৰনিং ৰিচিভাৰ,হাই অলটিটিউড ইঞ্জিন ষ্টার্ট আপ, চিন্থেটিক এপেৰচাৰ ৰাডাৰ , মিছাইল এপ্ৰচ ৱার্নিং ছিষ্টেম আদিৰ দৰে সুবিধা সংযোজন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷