ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ পুনৰ আন এক বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে ৷ সোনাপুৰত চলোৱা এক অভিযানত ৪.৬ লাখ য়াবা টেবলেট, ১২ কিলোগ্ৰাম মেটামফেটামিন আৰু ১.৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হৈছে। এ ডি চি পি বিবেকানন্দ দাসৰ নেতৃত্বত চলোৱা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰা হৈছে। ইয়াৰ পূর্বে আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল ৷