টাটু অংকন কৰাৰ চলেৰে সুন্দৰী যুৱতী গ্ৰাহকক যৌন নির্যাতন চলাই বিতর্কৰ আৱর্তত সোমাই পৰিছে কোচিৰ এজন চিলিব্ৰটি টাটু আর্টিষ্ট ৷ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় টাটু আটিষ্ট জনৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ ৰাজহুৱা কৰাৰ পাছতে আন বহুকেইগৰাকী যুৱতীয়ে টাটু আটিষ্ট জনৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন কৰিছে ৷ যৌন নির্যাতন আৰ ধর্ষণৰ অভিযোগ উথাপন হোৱা টাটু আর্টিষ্টজন হৈছে ইংকফেক্টেড ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী ছুজীশ পি এচ ৷ সঘনাই চেলিব্ৰিটিৰ সৈতে ফটো শ্বেয়াৰ কৰা তথা ইনষ্টাগ্ৰামত ৫২,০০০ অনুগামী থকা টাটু আর্টিষ্টজনৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷
কোচি আৰক্ষী আয়ুক্ত নাগাৰাজু চাকিলামে এই সন্দর্ভত কয় যে “আমি চাৰিখন পৃথক এজাহাৰ পঞ্জীয়ন কৰিছো। অভিযুক্তজনৰ বিষয়ে আমাৰ ওচৰত যথেষ্ট তথ্য আছে আৰু তেওঁক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব ৷ দুর্নাম হোৱাৰ ভয়ত মহিলাসকলে প্ৰথমতে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ কিন্তু আৰক্ষীয়ে সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰাৰ পাছতে তেওঁলোকে গোচৰ পঞ্জীয়ন কৰিছে ৷” সম্প্ৰতি পলাতক অৱস্থাত আছে টাটু আর্টিষ্টজন ৷
ইফালে নিজৰ তিক্ত অভিজ্ঞতা বৰ্ণনা কৰি ভুক্তভোগীয়ে যুৱতী গৰাকীয়ে কয় ‘ মই এসপ্তাহ আগতে টাটু আঁকিবলৈ ষ্টুডিঅ’টোলৈ গৈছিলো। ষ্টুডিঅ’ত যথেষ্ট ভিৰ থকাৰ বাবে মই কিছু পৃথক কোঠা বিচাৰিছিলো। টাটু অংকন কৰি থকাৰ সময়ত মোৰ গোপন স্থানত তেওঁ হাত দিছিল ৷ যেতিয়া মই ইয়াৰ প্ৰতিবাদ কৰিছিলো মোৰ মেৰুদণ্ডত বেজী দি মোক ধৰ্ষণ কৰিছিল ৷ মই কেতিয়াও ভবা নাছিলো যে মানুহজনে এনেকুৱা কিবা কৰাৰ ধৃষ্টতা কৰিব।“ এই পোষ্ট শ্বেয়াৰ কৰাৰ পাছত আন তিনিগৰাকী মহিলাই একে অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷