ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বাবে আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাৰ বাবে চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ যাব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ইউক্ৰেইনৰ সংকটক লৈ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী কেইজনক এই উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নির্দেশ দিছে ৷
কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু আৰু ভি কে সিঙ ভাৰতৰ বিশেষ দূত হিচাপে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰি তেওঁলোকক উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ নিৰীক্ষণ কৰিব ৷ জ্যোতিৰাদিত্য সিন্ধিয়া ৰোমানিয়া আৰু মলড’ভাৰ দায়িত্বত থাকিব ৷ আনহাতে কিৰেন ৰিজিজু স্লোভাকিয়া, হৰদীপ পুৰী হাংগেৰী আৰু ভি কে সিং পোলেণ্ডলৈ যাব ৷
দুদিনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান কৰা দ্বিতীয় খন বৈঠক সন্দর্ভত এক সূত্ৰই কয় যে প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বিষয়টোক সর্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে । দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলা আৰু কেবিনেট সচিব ৰাজীৱ গৌবাৰ সৈতে এক বৈঠকত মিলিত হৈছিল ৷ ইতিমধ্যে ভাৰত চৰকাৰে আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে গ্ৰহণ কৰিছে মিছন গংগা ৷ ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষার্থীসকলক ৰোমানিয়া, হাংগেৰী, স্লোভাকিয়া আৰু পোলেণ্ডৰ দৰে চুবুৰীয়া দেশলৈ যাবলৈ আহ্বান জনোৱা হৈছে ৷