বান্দৰে চলোৱা উপদ্ৰৱত বহু লোকে হাহাকাৰ কৰিবলগীয়া হয় ৷ বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱৰ বাবে খেতি বাতি পর্যন্ত কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ কিন্তু শেহতীয়াকৈ সকলো সীমা অতিক্ৰম কৰি এজাক বান্দৰে এখন চাদৰ পৰা এটি চাৰি মহীয়া শিশু পেলাই দিয়াৰ ফলত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত ৷
ঘটনাৰ বিবৰণী অনুসৰি বৰেলীৰ ডুংকা গাঁৱৰ বাসিন্দা নিৰ্দেশ উপাধ্যায় (২৫) নামৰ ব্যক্তিজনে শুকুৰবাৰে সন্ধিয়া পত্নীৰ সৈতে ঘৰৰ টেৰেচত চাৰিমহীয়া পুত্ৰক কোলাত লৈ খোজ কাঢ়ি আছিল। সেই সময়তে ছাদত বান্দৰৰ জাক এটাই প্ৰৱেশ কৰে ৷ দম্পতীহালে বান্দৰকেইটাক খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বান্দৰৰ জাকটোৱে নির্দেশক আৱৰি ধৰে ৷ তেওঁ বান্দৰৰ জাকটোৰ পৰা নিজকে বচাবলৈ শিশুটিক কোলাত লৈ চিৰিৰ ফালে দৌৰিবলৈ চেষ্টা কৰে ৷ সেই সময়তে তেওঁৰ হাতৰ পৰা শিশুটি পিচলি পৰে ৷ নির্দেশে শিশুটিক পুনৰ তুলি লোৱাৰ পূর্বেই বান্দৰৰ জাকটোৱে শিশুটি ছাদৰ পৰা দলিয়াই দিয়ে ৷ তিনিমহলীয়া চাদৰ পৰা পেলাই দিয়া শিশুটিৰ লগে লগে মৃত্যু হয় ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে ৷ বৰেলীৰ মুখ্য বন সংৰক্ষক ললিত ভাৰ্মাই জনোৱা মতে, ঘটনাটোৰ খবৰ পোৱাৰ লগতে তদন্তৰ বাবে বন বিভাগৰ এটা দল প্ৰেৰণ কৰা হৈছে।