শ্ৰীনগৰ এনকাউণ্টাৰত নিহত ‘লস্কৰ-ই-তৈবা’ৰ সন্ত্ৰাসবাদী দুজনক শ্বাহিদ মুস্তাক ভাট আৰু ফাৰহান হাবিব বুলি চিনাক্ত কৰা হৈছে।শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ পুলৱামা আৰু শ্ৰীনগৰত দুটা পৃথক সংঘৰ্ষত এগৰাকী মহিলা টিভি শিল্পীক হত্যা কৰা দুজনসহ চাৰিজন ‘লস্কৰ-ই-তৈবা’ৰ সন্ত্ৰাসবাদী নিহত হয়।
এজন মুখপাত্ৰই জনাই যে, বৃহস্পতিবাৰে নিশা পুলৱামা জিলাৰ অৱন্তী পোৰা অঞ্চলৰ অগানহানজিপোৰা অঞ্চলত এক সংঘৰ্ষ সংঘটিত হয় ।তেওঁ কয় যে এদিন আগতে বুদগাম জিলাত টিভি শিল্পী অমৰিন ভাটক হত্যা কৰাৰ বাবে দায়ী সন্ত্ৰাসবাদী দুজন কৰ্ডনত আৱদ্ধ হৈ আছিল।
আৰক্ষীয়ে লগতে কয় যে , শ্ৰীনগৰ চহৰৰ সৌৰা অঞ্চলত আন এক সংঘৰ্ষ সংঘটিত হয় য’ত দুজন এলইটি সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয় ।
কাশ্মীৰ উপত্যকাত ৩ দিনত এলইটি সন্ত্ৰাসবাদী সংগঠনৰ ৩ জন আৰু জেইএমৰ ৩ জনসহ নিহত হৈছে মুঠ ১০ জন সন্ত্ৰাসবাদী।জনপ্ৰিয় টি.ভি. শিল্পী এম্ব্ৰিন ভাটৰ জঘন্য হত্যাৰ ২৪ ঘণ্টাৰ ভিতৰত এই ঘটনা সমাধান কৰা হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷