বিলাসী গাড়ীৰে আহি ৰাস্তাৰ কাষত ৰখা ফুলৰ টাব চুৰি ঘটনাক লৈ হাৰিয়ামাৰ গুৰুগ্ৰামত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গুৰুগ্ৰামৰ শংকৰচ’কৰ সমীপৱৰ্তী ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথ জি-২০ সন্মিলনৰ বাবে সাজু কৰা হৈছে। সৌন্দৰ্য্যবৰ্ধনৰ বাবে পথৰ দুয়োকাষে টাবকে ধৰি বিভিন্ন ধৰণৰ ফুলৰ গছ ৰোপণ কৰা হৈছে। টাব চুৰিৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে। তদন্তত আৰক্ষীয়ে গম পালে যে অভিযুক্ত মানমোহন যাদৱ, যাৰ বয়স পঞ্চাশ বছৰ। তেওঁ গুৰুগ্ৰামৰ গান্ধীনগৰ অঞ্চলৰ বাসিন্দা। মনমোহন দিল্লীৰ পৰা গুৰুগ্ৰামলৈ উভতি আহিছিল। শংকৰচ’কৰ ওচৰত পথৰ দাঁতিত ডালিয়া, নার্জী আদিকে ধৰি কেইবাটাও টাব দেখাৰ পিছত গাড়ীখন ৰখাই দিলে। ইয়াৰ পিছত গাড়ীৰ পৰা নামি কেইবাটাও টাব লৈ তেও গুচি যায় ৷ স্থানীয় এজন বাসিন্দাই এই চুৰি কাণ্ড কেমেৰাত ধৰি ৰাখে । আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে আলোড়নৰ সৃষ্টি হয় ৷
গুৰুগ্ৰামৰ উপ আয়ুক্ত নিশান্ত কুমাৰ যাদৱে কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। জি-২০ সন্মিলনৰ দৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হোৱা চহৰখনৰ আগতে এই চুৰিৰ প্ৰভাৱ গুৰুগ্ৰাম আৰু দেশৰ ভাবমূৰ্তিত পৰিব।” উপ-আয়ুক্তগৰাকীয়ে কয় যে ব্যক্তিজনক চিনাক্ত কৰা হৈছে। তেওঁৰ বিৰুদ্ধে চৰকাৰী সম্পত্তি চুৰিৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে।