আজি প্ৰায় এক ডেৰ বছৰৰ পৰা মেঘালয়ৰ পৰা নামি অহা এক বন্য হস্তীৰ জাকে গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলত তাণ্ডৱ চলাই অহা বুলি ইতিমধ্যে সেই অঞ্চলৰ ৰাইজে জানিবলৈ দিছে ৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এতিয়াও অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত৷
জানিবপৰা মতে বুধবাৰে মেঘালয়ৰ পৰা নামি অহা এই বৃহৎ হাতীৰ জাকটোৱে বান্দৰমাথা,কুৰ্শা পাকৰি অঞ্চলৰ পৰা চৈবাৰী অঞ্চলত প্ৰবেশ কৰে আৰু ৰাতি পোৱালিসহ পাঁচটা হাতী দ খাৱৈত পৰি আবদ্ধ হয়৷ উক্ত ঘটনা সন্দৰ্ভত ঘটনা স্থলীত লক্ষীপুৰ বন বিভাগৰ লোক উপস্থিত হয় যদিও এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা ল’ব পৰা নাই বন বিভাগে৷