শুকুৰবাৰে ইৰাণত মৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এগৰাকী যুৱতীৰ মৃত্যুক লৈ বিগত আঠদিন ধৰি অব্যাহত আছে প্ৰতিবাদী কার্যসূচী ৷হিজাব বিৰোধী প্ৰতিবাদত অংশ লৈছে দেশৰ সহস্ৰাধিক লোকে ৷ চৰকাৰ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ গুলীত কমেও ৫০ জন লোক নিহতহৈছে বুলি বুলি ইৰাণ হিউমেন ৰাইটছ নামৰ এটা সংস্থাই প্ৰকাশ কৰিছে ৷
তেহৰানতমৰেল আৰক্ষীয়ে আটক কৰা ২২ বছৰীয়া কুৰ্দ মাহছা আমিনীৰ মৃত্যুৰ পাছত ৮০ খন চহৰ-নগৰলৈ বিয়পি পৰে প্ৰতিবাদী কার্যসূচী ৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰিছে লোকসকলে ৷ বহুস্থানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ৷
ইৰাণে প্ৰতিবাদকাৰীৰ সমাৱেশত বাধাৰ আৰোপ কৰাৰ লগতে বহিঃৰাষ্ট্ৰলৈ যাতে এই খবৰ বিয়পি নপৰে তাৰ উদ্দেশ্যে ইণ্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।আনহাতে শুকুৰবাৰে তেহৰাণ আৰু অন্যান্য চহৰত চৰকাৰ সমৰ্থিত কাউণ্টাৰ ৰেলীত হিজাবৰ সমৰ্থনত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে।উল্লেখ্য যে ইছলামিক আইন অনুসৰি সাজপাৰ পৰিধান নকৰাৰ বাবেই যুৱতী গৰাকীক আটক কৰিছিল মৰেল আৰক্ষীয়ে ৷