আজি ৫৮১তম শংকৰ জন্মোৎসৱ। উলহ মালহেৰে সমগ্ৰ অসমতে জন্মোৎসৱৰ আয়োজন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰিছে।
আমাৰ অসমখন নৰ বলি, অস্পৃশ্যতা, উচ্চ-নীচ মনোভাৱ, ভেদা ভেদেৰ কলীয়া ডাৱৰে আবৰি থকাৰ সময়তে নতুন আশা হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত বৰদোৱাৰ আলিপুখুৰীত।
অসমৰ আকাশত ৰামধেনু ওলাইছিল। মুষ্টিমেয় একাংশৰ হাতত বন্দী ধৰ্ম চৰ্চাৰ বিষয়টো সকলো সাধাৰণ মানুহৰ কাৰণে গুৰুজনাই মুকলি কৰিছিল। ধৰ্মৰ লগত জড়িত নৰ বলিৰ দৰে অন্ধ বিশ্বাসৰ কবলৰ পৰা আমাৰ সমাজখনক উদ্ধাৰ কৰিছিল।
ঈশ্বৰ আৰাধনাৰ সহজ পথ প্ৰদৰ্শন কৰিছিল। একেশ্বৰবাদৰ বাণী বিয়পাইছিল- “এক দেৱ,এক সেৱ ,এক বিনে নাই কেৱ” । নামঘৰ, সত্ৰ, নাম-প্ৰসংগ, ভাওনা, বৰগীত আদিৰ দ্বাৰা সাধাৰণ ৰাইজৰ মাজত ভক্তি ৰসৰ সুবাস বিলাইছিল। মোক্ষ লাভৰ সহজ পথ দেখুৱাইছিল। ভগৱানৰ নাম একান্তভাৱে উচ্চাৰণেই যথেষ্ট, বলি-বিধান, যাগ-যজ্ঞৰ কোনো প্ৰয়োজন নাই।
“এক শৰণ নাম ধৰ্ম ” জাতি, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ কাৰণে মুকলি আছিল। নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই আদি অন্য জাতি ধৰ্মৰ লোকক শৰণ দি গুৰুজনাই সমানতাৰ সমাজ গঠনৰ ক্ষেত্ৰত প্ৰথমটো খোজ ৰাখিছিল।
ৰান্ধনী বেলিৰ ৰ’দৰ পোহৰে সমাজখনৰ কুসংস্কাৰ, ভেদা-ভেদ আঁতৰাবলৈ লাহে লাহে সক্ষম হৈছিল। ধৰ্ম শাস্ত্ৰসমূহ শূদ্ৰ বা জনজাতীয় লোকসকলেও অধ্যয়ন কৰি ভক্তি ৰসত ডুব যাবলৈ সুবিধা পাইছিল। সমাজৰ পিছপৰা জাতিসমূহ নিজৰ অধিকাৰৰ কাৰণে সষ্টম হৈ উঠিছিল। জাতিগত বৃত্তি ত্যাগ কৰি অন্য বৃত্তি গ্ৰহণৰ প্ৰতি আকৰ্ষিত হৈছিল। সত্ৰৰ সত্ৰাধিকাৰৰ দৰে সন্মানীয় পদবীত সমাজৰ উপেক্ষিত নীচ কুলৰ লোকো অধিষ্ঠিত হৈছিল।
প্ৰায় পাঁচশ বছৰৰ পিছত আমি আজি এই পৰ্যায়ত উপনীত হৈছেহি। আজি একবিংশ শতিকাত আমি আজি তথ্য প্ৰযুক্তিৰ পৃথিৱীত বসবাস কৰোঁ। হাতত থকা মোবাইলটোৰ এটা চুইচ টিপিলেই সকলো সম্ভৱ এতিয়া। আমি এতিয়া ডিজিটেল ইণ্ডিয়াৰ বাসিন্দা। আধুনিক সাজ পাৰ, খাদ্যাভাস, জীৱন শৈলীৰে নিপুণ আমি।
কিন্তু মহাপুৰুষজনাই পাঁচশ বছৰৰ আগতেই দেখুৱাই থৈ যোৱা সমানতাৰ পৃথিৱীৰ পৰা কিমান দূৰৈত আমি?
আমাৰ সমাজখন আজিও জাতি ধৰ্মৰ বৰ্ণ লিংগৰ ভেদা ভেদে আৱৰা। শূদিৰৰ ঘৰত সন্তান জন্ম হ’লে গোবৰ পানী চেলেকাই শুদ্ধীকৰণ কৰা প্ৰথা আজিও প্ৰচলিত, বিবাহৰ দৰে সম্পৰ্ক স্থাপনত জাতি ভেদ আজিও আছে।
ব্ৰাক্ষ্মণে আজিও শূদ্ৰৰ লগত বিবাহ সম্পৰ্কৰ বাবে আগ্ৰহী নহয় আকৌ শূদিৰৰ মাজতেই সংস্কৃতিকৰণৰ দ্বাৰা উচ্চ হৈ পৰা জাতিৰ লোকে তলৰ জাতিৰ মানুহৰ লগত বিয়া নহয়। মাছমৰীয়া সম্প্ৰদায়ৰৰ লোকসকল আজিও অস্পৃশ্য। জনজাতীয় লোকসকল আজিও অস্পৃশ্য।
যদি আগবাঢ়ি যোৱাৰ উদাহৰণ বিচাৰে, তেন্তে মাত্ৰ এমুঠিমান লোক নিজৰ সাধনাৰ বলত আগবাঢ়ি গৈ উচ্চ পদবীত অধিষ্ঠিত হৈছে। সেই ক্ষমতাশালী লোকসকলক সন্মান কৰিবলৈ হয়তো বাধ্য। কিন্তু সমাজৰ অধিকাংশ লোক আজিও অস্পৃশ্য হৈয়েই আছে। আনকি উচ্চ জাতিৰ ঘৰলৈ গৈ বহুতে আহাৰ গ্ৰহণ কৰি সেই পাত্ৰটো নিজ হাতেৰে পখালি থৈ উভতি আহিবলগীয়া ঘটনা আজিও ঘটিয়েই আছে।
শংকৰদেৱৰ আদৰ্শেৰে প্ৰতিষ্ঠা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। সমাজৰ মূলসুঁতিৰ পৰা ফালৰি কাটি আহি গ্ৰহণ কৰা ব্যৱস্থাত হয়তো সমাজৰ এটা অংশৰহে উন্নতি হ’ব, আনটো অংশ পিছ পৰি ৰ’ব। গুৰুজনাৰ নীতি আদৰ্শ মানিলেও অলপতে গাহৰি, কুকুৰা পোহাত নিষেধজ্ঞা আৰোপ কৰাৰ বাতৰিও অলপতে পোহৰলৈ আহিছে।
সমাজত ব্যক্তিয়ে ইচ্ছা অনুযায়ী বৃত্তি গ্ৰহণ কৰাৰ পৰা আজিও বঞ্চিত। মহিলাৰ স্থান আজিও নিম্ন। গুৰুজনাৰ নাতি বোৱাৰী কনকলতা আইৰ পিছত আজিলৈকে কোনো মহিলাই ধৰ্ম চৰ্চাৰ ক্ষেত্ৰত উচ্চ স্থানত অধিষ্ঠিত হোৱা চকুত নপৰে। আনকি আজিও মহিলাসকলক ধৰ্মপুথি অধ্যয়ন কৰাৰ পৰা আঁতৰত ৰখা হয়। গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানসমূহত মহিলাৰ দ্বাৰা ভোজন গ্ৰহণো আনকি অস্পৃশ্য।
আমি গুৰুজনাৰ জন্ম আৰু মৃত্যু তিথিত সশ্ৰদ্ধেৰে স্মৰণ কৰি বৰগীত, নাম প্ৰসংগ, ভাওনা আদিৰ চৰ্চা কৰোঁ। মহাপুৰুষজনাৰ ওপৰত কুইজ, আকস্মিক বক্তৃতা পাতি নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰ বিষয়ে অৱগত কৰোঁ।
কিন্তু গুৰুজনাৰ প্ৰকৃত উদ্দেশ্যৰ কথা চৰ্চা কৰাৰ পৰা কিয় আঁতৰি থাকোঁ?
জাতি, বৰ্ণ, ধৰ্ম, লিংগৰ নিৰ্বিশেষে গঠন কৰিব বিচৰা মহাপুৰুষজনাৰ সপোনৰ সমাজখন সৃষ্টিৰ প্ৰতি কিয় আমি আজিও আগ্ৰহী নহয়?
সমানতাৰ সমাজখনলৈ আৰু কেইশ বছৰ আমি অপেক্ষা কৰিব লাগিব?
সমাজ আজিও বহু ক্ষেত্ৰত পাঁচশ বছৰৰ আগতেই আছে । পৰিবৰ্তনৰ হাৰ একেবাৰেই শামুকীয়া গতিত । একবিংশ শতিকাৰ সমাজখন আজিও উচ্চ-নীচ,ভেদা-ভেদেৰে আৱৰা।
আজিৰ সমাজত গুৰুজনাক স্মৰণ কৰিবলৈ যাওতেও ভেদা ভেদৰ সৃষ্টি হয়। আমি যদি প্ৰকৃততে মহাপুৰুষজনাক সন্মান যাচিব বিচাৰোঁ, তেন্তে তেখেতৰ অমূল্য সৃষ্টি ৰাজিৰ লগতে তেখেতৰ সামাজিক নীতি, আদৰ্শসমূহ মানি চলাটো নিতান্তই প্ৰয়োজনীয়। আমাৰ সমাজ তেতিয়াহে প্ৰকৃত অৰ্থত প্ৰগতিৰ পথত অগ্ৰসৰ হ’ব। অসমীয়া জাতি সবল জাতি হিচাপে জিলিকি ৰ’ব।