বৃহস্পতিবাৰে ৰাজ্যৰ ৩৫ সহস্ৰাধিক শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে প্ৰদান কৰে স্কুটী ৷ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এই স্কুটী প্ৰদান কৰা হয় । খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই স্কুটী বিতৰণ কৰে ৷ ইপিনে প্ৰতিখন জিলা সদৰত আয়োজন কৰা অনুষ্ঠানত মেধাবী শিক্ষার্থীক এই বটাঁ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু।
ৰাজ্য চৰকাৰৰ অধীনত এইবাৰ ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হয় ৷
উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ আৰু যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেই সকলক এই বঁটা প্ৰদান কৰা হয়। এইবাৰ স্কুটাৰ বিতৰণৰ বাবে ধাৰ্য কৰা মুঠ বাজেটৰ পৰিমাণ ২৫৯৫৪.২৯ লাখ টকা।