ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত ৫জি প্ৰযুক্তিৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ লক্ষ্যৰে অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনে(এমট্ৰণ) বিভিন্ন চৰকাৰী সংস্থাৰ সহযোগত ৫জি অভিজ্ঞতা কেন্দ্ৰ আৰু প্ৰয়োগ আৰম্ভ কৰিছে।
ড’নাৰৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা,অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনে(এমট্ৰণ)ৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অন্যান্য লোকৰ উপস্থিতিত ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই প্ৰকল্পটো ভাৰ্চুৱেলি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে
এই অনুষ্ঠানটো গুৱাহাটীৰ বঙৰাৰ টেক চিটিত অনুষ্ঠিত হয় ।
জি কিষাণ ৰেড্ডীয়ে তেওঁৰ ভাষণত কয় যে ২০২২ চনৰ ডিচেম্বৰত উত্তৰ-পূব পৰিষদৰ (এনইচি) সোণালী জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ সামঞ্জস্য আছে৷ য’ত ২০৩০ চনৰ ভিতৰত উত্তৰ-পূব অঞ্চলত (এন ই আৰ) ৫জি প্ৰযুক্তি আৰু ডিজিটেল সংযোগৰ সুবিধাৰে চাকৰি সৃষ্টি, উন্নয়নৰ লক্ষ্য পূৰণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ ডি জি) নির্ধাৰণ কৰা হৈছে৷
ৰেড্ডীয়ে কয়,-‘ ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ উল্লেখনীয় বিকাশ দেখা গৈছে, যিয়ে বিশ্বৰ কিছুমান বৃহৎ অৰ্থনীতিক অতিক্ৰম কৰিছে। আধাৰ, ইউনাইটেড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) আৰু ডিজি লকাৰৰ দৰে সেৱাই ভাৰতৰ ডিজিটেল ক্ষেত্ৰৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ডিজিটেল বিপ্লৱৰ সম্ভাৱনাক স্বীকৃতি দি ড’নাৰ মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূব পৰিষদে উত্তৰ-পূবৰ আঠখন ৰাজ্যত ভাৰতৰ প্ৰথম ৫জি ট্ৰেইনিং লেব আৰু ৫জি হেল্থ ইউজ কেছ এপ্লিকেচনৰ বাবে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰিছে।’
ড’নাৰ মন্ত্ৰালয়, দূৰ সংযোগ বিভাগ, টেলিকম ছেক্টৰ স্কিল কাউন্সিল, স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ (নতুন দিল্লী), বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু ছফদাৰজং হাস্পতাল (নতুন দিল্লী), ডিজাইন উদ্ভাৱন কেন্দ্ৰ (ইউআইইটি, পাঞ্জাব বিশ্ববিদ্যালয়) আৰু আলিমক’-কে (ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ গোট) ধৰি মূল অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰি এমট্ৰনে এই অভিলাষী প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ লৈছে। সমগ্ৰ প্ৰকল্পটোত এন ই চিয়ে নীতি-নির্দেশনাৰ লগতে যাৱতীয় সহযোগিতা আগবঢ়াইছে।
এটা উল্লেখযোগ্য সাফল্য হৈছে যে প্ৰায় ৭৫ দিনৰ অভিলেখ সময়ত এই প্ৰকল্পটো সম্পূৰ্ণ কৰি ‘এক্ট ফাৰ্ষ্ট এণ্ড ফাষ্ট ফৰ নৰ্থ ইষ্ট’ নীতিৰ অধীনত দ্ৰুত আৰু ফলপ্ৰসূ ভাবে কাৰ্যকৰী কৰাৰ দৃষ্টান্ত দেখুওৱা হৈছে।
অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনে(এমট্ৰণ)ৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে উত্তৰ-পূৰ্বাঞ্চল প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে আৰু অন্যান্য প্ৰযুক্তি সমৃদ্ধ ৰাজ্যৰ সৈতে খোজ মিলাই আগবাঢ়িবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
কলিতাই কয়- “পৰিকল্পনা অনুসৰি ৫জি প্ৰযুক্তিয়ে সাধাৰণ জনতাক বিস্তৃত সুবিধা প্ৰদান কৰিব। ই কেৱল নিৰৱচ্ছিন্ন কভাৰেজ, উচ্চ ডাটা হাৰ, কম বিলম্ব আৰু অতি নিৰ্ভৰযোগ্য যোগাযোগ প্ৰদান কৰাত সহায় কৰাই নহয়, শক্তিৰ কাৰ্যক্ষমতা, স্পেকট্ৰাম কাৰ্যক্ষমতা আৰু নেটৱৰ্কৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰিব।’
‘৫জিৰ জৰিয়তে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম বা আন যিকোনো উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ ভিতৰোৱা বিদ্যালয়ৰ শিশুসকলে নতুন যুগৰ শ্ৰেণীকোঠাত শীৰ্ষস্থানীয় বিশেষজ্ঞৰ পৰা নতুন নতুন কথা শিকিব পাৰিব। আমি আশা কৰোঁ যে এই ৫জি অভিজ্ঞতা কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলক ৫জি হাই-স্পীড সংযোগৰ জৰিয়তে গণ পৰিসৰত অনলাইন মুক্ত পাঠ্যক্ৰমৰ সুবিধা লাভ কৰাৰ এখন মঞ্চ প্ৰদান কৰিব পাৰিব আৰু তেওঁলোকৰ নিয়োগৰ দিশটোও সুৰক্ষিত হব।”
প্ৰকল্পটোত চাৰিটা মূল উপাদান আছে:
১) ৫জি ট্ৰেইনিং লেব: ৫জিত ক্লাউড সমৰ্থিত মেছিভ মুক্ত অনলাইন পাঠ্যক্ৰম (এমঅ’অ’চি) আগবঢ়োৱাৰ সৈতে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিখনতে এটাকৈ লেব স্থাপন কৰা হৈছে। টেলিকম খণ্ডৰ দক্ষতা পৰিষদে এই লেবসমূহৰ বাবে মূল প্ৰশিক্ষকক সফলতাৰে প্ৰশিক্ষণ দিছে। উল্লেখযোগ্য যে এই লেবসমূহত অত্যাধুনিক এজ কম্পিউটিং প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে অধ্যয়ন সামগ্ৰী ডাউনলোড কৰাৰ বাবে দ্ৰুত ইণ্টাৰনেট গতিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।
২) ৫জি হেল্থ ইউজ কেছ এপ্লিকেচন: বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু ছফদাৰজং হাস্পতালৰ বিশেষজ্ঞতাৰ সহায় লৈ স্বাস্থ্যসেৱা খণ্ডত ৫জিৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ এই প্ৰয়োগসমূহ বিকশিত কৰা হৈছে।
৩) গুৱাহাটীৰ টেক চিটিৰ সৈতে সহযোগিতাঃ গুৱাহাটীৰ টেক চিটিত থকা ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰে (ইএমচি) এই পদক্ষেপৰ কেন্দ্ৰ হিচাপে কাম কৰিছে, যাৰ ফলত অঞ্চলটোৰ প্ৰযুক্তিগত আন্তঃগাঁথনি আৰু অধিক উন্নত হব।
৪) এছ ডি জি ২০৩০ৰ লক্ষ্যৰ ওপৰত প্ৰভাৱঃ ৫জি ট্ৰেইনিং লেবসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক উদ্যোগ ৪.০ৰ সৈতে সর্ম্প্ৰকিত দক্ষতাৰে সবলীকৰণ, জ্ঞান অৰ্থনীতিত তেওঁলোকৰ অংশগ্ৰহণৰ সুবিধা প্ৰদান আৰু অঞ্চলটোত এছডিজি ২০৩০ৰ লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগোৱাৰ আশা কৰা হৈছে।
এই যুগান্তকাৰী পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল সংযোগক শক্তিশালী কৰাই নহয়, ৫জি প্ৰযুক্তিৰ পৰিৱেশত অঞ্চলটোক এক উল্লেখযোগ্য স্থান দিছে। এই অভিলাষী পদক্ষেপৰ জৰিয়তে এমট্ৰণ আৰু ইয়াৰ সহযোগীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সামগ্ৰিক বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ বাবে ৫জি প্ৰযুক্তিৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰাৰ পথ প্ৰশস্ত কৰিছে।
ড’নাৰ মন্ত্ৰালয়ৰ সচিৱ চঞ্চল কুমাৰ, এন ই চিৰ সচিৱ কে মচেছ চালাই আৰু এমট্ৰণৰ পৰিচালন সঞ্চালক নৰসিং পাৱাৰো এই অনুষ্ঠানত উপস্থিত থাকে।