যাত্ৰীৰ সুৰক্ষাৰ বাবে সকলো বাহনত কেতবোৰ সা-সুবিধা সংযোজিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নির্দেশনা দি আহিছে ৷ ইয়াৰ ভিতৰত এটা আছিল প্ৰতিখন বাহনতে ৬ টা এয়াৰ বেগ বাধ্যতামূলকভাৱে সংযোজিত কৰা ৷ আঠজনীয়া সকলো বাহনতে ৬ টা এয়াৰবেগৰ নির্দেশনা কার্যকৰী কৰাৰ দিন এবছৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অহা ১ অক্টোবৰৰ পৰা এই নিয়ম কার্যকৰী হোৱাৰ কথা আছিল যদিও এবছৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ২০২৩ চনৰ ১ অক্টোবৰৰ পৰাহে ৬ টা এয়াৰবেগৰ নিয়ম কার্যকৰী হ’ব ৷ এই কথা আজি ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।
Considering the global supply chain constraints being faced by the auto industry and its impact on the macroeconomic scenario, it has been decided to implement the proposal mandating a minimum of 6 Airbags in Passenger Cars (M-1 Category) w.e.f 01st October 2023.
— Nitin Gadkari (@nitin_gadkari) September 29, 2022
চৰকাৰে ইয়াৰ পূৰ্বে ২০২২ চনৰ ১ অক্টোবৰৰ পৰা সুৰক্ষা বৃদ্ধিৰ বাবে আঠজনীয়া সকলো বাহনতে ছটা এয়াৰবেগ বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছিল।অটো উদ্যোগে সন্মুখীন হোৱা বিশ্বব্যাপী যোগান শৃংখলৰ বাধা আৰু ইয়াৰ প্ৰভাৱ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে ব্যয় আৰু ভেৰিয়েন্ট নিৰ্বিশেষে মটৰ গাড়ীত যাত্ৰা কৰা সকলো যাত্ৰীৰ সুৰক্ষাই হৈছে সৰ্বাধিক অগ্ৰাধিকাৰ।