ঋতু পৰ্ণ শৰ্মা,নগাঁও,২জুন:– মধ্য অসমৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “কল্লোল”ৰ উদ্যোগত শুক্ৰবাৰে এক সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ।সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে “সাদিন-প্ৰতিদিন গোষ্ঠী”ৰ স্বত্বাধিকাৰ তথা “অসমীয়া প্ৰতিদিন” কাকতৰ সম্পাদক জয়ন্ত বৰুৱা । হেমকোষৰ “ব্ৰেইল সংস্কৰণ” প্ৰকাশ কৰি অসমীয়াৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সম্পাদক গৰাকীয়ে । দৃষ্টিহীন লোকসকলৰ বাবে আগবঢ়োৱা অৱদানৰ বাবেই জয়ন্ত বৰুৱাক শুকুৰবাৰৰ এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । “কল্লোল বৰ্ষ”ৰ অতিথি হিচাপে উপস্থিত থাকি জয়ন্ত বৰুৱাই অনুভৱ ব্যক্ত কৰি কয় যে নীৰৱে কাম কৰি গৈছিলোঁ ৷ আজি সামাজিক স্বীকৃতিয়ে পৰিতৃপ্তি দিছে ৷ ভৱিষ্যতে আৰু কৰিব লগা কামৰ পৰিকল্পনা আছে ৷ সেই কামো কৰি যাম ।নগাঁৱৰ কলংপাৰৰ সাংস্কৃতিক প্ৰকল্পত বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হয় “কল্লোলৰ বৰ্ষ”ৰ অতিথি অনুষ্ঠান ৷ অনুষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে নৌচাদ আখতাৰ হাজৰিকাই ৷
ইয়াৰ পিছতে “অসমীয়া প্ৰতিদিন”ৰ সম্পাদক জয়ন্ত বৰুৱাৰ বিষয়ে আলোকপাত কৰে বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতীয়ে ৷ সম্পাদক জয়ন্ত বৰুৱাই কয় যে প্ৰেৰণাৰ উৎস হৈছে কল্লোল গোষ্ঠী ৷ জাতিৰ সংকট কালত নগাঁৱৰ একাংশ ডেকাই জন্ম দিছিল “কল্লোল”ক । অনুষ্ঠানত হেমকোষৰ “ব্ৰেইল সংস্কৰণ” সন্দৰ্ভত অনুভৱ ব্যক্ত কৰি সংস্কৰণৰ ব্যৱস্থাপক জয়ন্ত বৰুৱাই কয় যে দৃষ্টিহীনসকলৰ বাবে “ব্ৰেইল সংস্কৰণ”টিৰ কাম হাতত লোৱা হৈছিল ৷ দৃষ্টিহীন সকলে বহু অসমীয়া শব্দৰে পৰিচিত নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰি থাকিব লগা হৈছিল ৷ সেয়ে দৃষ্টিহীন সকলক আগবঢ়াই নিবলৈকে “ব্ৰেইল সংস্কৰণ”ৰ কাম হাতত লোৱা হৈছিল ৷ ১,৩৩৬ পৃষ্ঠাৰে হেমকোষখনি “ব্ৰেইল সংস্কৰণ” কৰোঁতে ১০,২৯৭পৃষ্ঠা হয় ৷
বহু প্ৰত্যাহবানৰ মাজেৰে এই কাম কৰা হৈছিল ৷ ১০ লাখ ৭০ হাজাৰ ব্ৰেইল শব্দ ইয়াত সন্নিবিষ্ট কৰা হৈছে ৷ লুহিত কলিতাই পৰিচালনা কৰা অনুষ্ঠানটিত মুৰুলি শৰ্মা,গুনজিৎ গোস্বামীও অংশগ্ৰহণ কৰে । অনুষ্ঠানত হেমকোষৰ “ব্ৰেইল সংস্কৰণ”ৰ ব্যৱস্থাপক জয়ন্ত বৰুৱাক সাংস্কৃতিক গোষ্ঠী কল্লোলে গামোচা,শৰাই,চেলেং,স্মাৰক, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ পাছতে জিলাখনৰ প্ৰায় ৬০ টাকৈ সংগঠনে সম্বৰ্ধনা জনায় । দৃষ্টিহীন ছাত্ৰ দিগন্ত নাথে গীত পৰিৱেশন কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত অভিনেত্ৰী আৰতী বৰুৱাৰ প্ৰতি শোক প্ৰকাশ কৰা হয় ৷ আনহাতে অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,ৰুবী বৰুৱাকো “কল্লোল” সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷