দেশৰ ৬৯৫খন বিশ্ববিদ্যালয় আৰু ৩৪ হাজাৰৰো অধিক মহাবিদ্যালয় ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ(নাক)ৰ স্বীকৃতি অবিহনে চলি আছে। সোমবাৰে লোকসভাত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সুভাষ চৰকাৰৰ।
সোমবাৰে সংসদত লিখিত প্ৰশ্নৰ উত্তৰত সুভাষে কয় যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি)ৰ পৰা পোৱা তথ্য অনুসৰি দেশৰ ১,১১৩খন বিশ্ববিদ্যালয়ৰ ভিতৰত মাত্ৰ ৪১৮খন বিশ্ববিদ্যালয় আৰু ৪৩,৭৯৬খন মহাবিদ্যালয়ৰ ভিতৰত মাত্ৰ ৯,০৬২খনেহে ‘নাক’ৰ স্বীকৃতি লাভ কৰিছে। লগতে তেওঁ কয় যে দেশৰ ৩৪,৭৩৪খন মহাবিদ্যালয় ‘নাক’ৰ অনুমোদন অবিহনে চলি আছে।
সুভাষে লোকসভাত দাবী কৰে যে দেশৰ সকলো শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক এটা সংস্থাৰ আওতালৈ অনাৰ বাবে ‘এচেছমেণ্ট’ আৰু ‘এক্ৰেডিটেচন’ৰ মাচুল হ্ৰাস কৰিছে ‘নাক’-এ। ইয়াৰ বাহিৰেও ‘মূল্যায়ন’ পদ্ধতিত বহু পৰিৱৰ্তন কৰা হৈছে। ফলত শিক্ষানুষ্ঠানসমূহে নাকৰ স্বীকৃতি অতি সহজে লাভ কৰিব পাৰে।