গুৱাহাটী, ১৬ জুলাই : ডিমাপুৰস্থিত উত্তৰ-পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ঐক্যতান দ্যা কোৰাচৰ তত্বাবধানত কালি সন্ধিয়া ৬ বজাত চান্দমাৰিস্থিত গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ৭ দিনীয়াকৈ আয়োজিত শিশু লোকনাট্য কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ।
প্ৰাককথনতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী বীণাপাণি বৰঠাকুৰে । ইয়াৰ পিছতে শিশু লোকনাট্য কৰ্মশালাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰকাশন বিষয়া আভামণি শইকীয়াই ।
সভাত ভাষণ দি সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, গৱেষক হলিৰাম বৰা বৰবায়নে কয়- “ঈশ্বৰ স্বৰূপ বালকসকলক সুন্দৰ ধৰণেৰে সংস্কৃতিবান কৰি গঢ়ি তুলিবলৈ প্ৰতিজন পিতৃ-মাতৃ, পৰিয়াল, সমাজৰ লোকসকলে শৈশৱকাল পৰাৰ পৰাই চিন্তা কৰিব লাগে ।” বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ”বহুবাক”ৰ প্ৰধান সম্পাদক তথা কবি-সাহিত্যিক দীপক শৰ্মাই কয়- “বিদ্যাৰ্থীক নৈতিকতাৰ পাঠ শৈশৱতে দিব লাগে । ইতিবাচক কথা আলোচনা কৰিব লাগে ।
লোকনাট্য, লোক সংগীত, মহান শিল্পীৰ গীতসমূহ আদিবোৰ শুদ্ধ ধৰণেৰে শৈশৱতে শিকাব লাগে ।” ঐক্যতান দ্যা কোৰাচৰ সহকাৰী সম্পাদক জোনমণি শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষকদ্বয় নাট্যশিল্পী নৱজ্যোতি নাথ, সাংস্কৃতিক সংগঠক তথা শিল্পী গৌতম কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে অংশ লৈ শিশু লোকনাট্য কৰ্মশালাৰ পৰা হ’বলগা ইতিবাচক দেশসমূহৰ ওপৰত আলোকপাত কৰে ।
আজিৰে পৰা ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ সপ্তক নৃত্য বিদ্যালয়ত পুৱা ১১ বজাৰ
পৰা আৰম্ভ হৈছে ।