সোমবাৰে নিশা মহাৰাষ্ট্ৰত সংঘটিত হয় এক শোকাৱহ পথ দূর্ঘটনা ৷ দলঙৰ পৰা এখন বাহন বাগৰি পৰাৰ ফলত সাতজন মেডিকেল শিক্ষার্থীৰ মৃত্যু হয়। মত্যু হোৱা লোককেইজনৰ ভিতৰত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আবিষ্কাৰ ৰাহাংডালেও আছে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য় অনুসৰি মেডিকেল শিক্ষার্থী কেইজন দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকাৰ সময়তে এই দূর্ঘটনাটো সংঘটিত হয় ৷ চেলচুৰা গাঁৱৰ ওচৰৰ এখন দলঙৰ পৰা তেওঁলোকৰ বাহনখন বাগৰি পৰে ৷ ৱাৰ্ধাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত হোলকাৰে জনোৱা অনুসৰি যোৱা নিশা প্ৰায় ১.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।প্ৰাৰম্ভিক অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ বাবেই এই দূর্ঘটনাটো সংঘটিত হয় ৷ নিহত আটাইকেইজন ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল এমবিবিএছৰ অন্তিম বৰ্ষৰ শিক্ষাৰ্থী আছিল ৷ আনহাতে , আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল ৷ তদুপৰি নিহত নীতেশ সিং ইণ্টার্ন হিচাপে কর্মৰত হৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷