উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰীষ্মপ্ৰৱাহত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল উত্তৰ প্ৰদেশৰ বলিয়াত ৭০ জন লোকৰ মৃত্যু। আনহাতে, বিহাৰত মৃত্যুৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে মৃত্যুৰ আৰঁত আন কাৰণ জড়িত আছে নেকি সেয়াও পৰীক্ষা কৰা হৈছে ৷
উত্তৰ প্ৰদেশৰ বলিয়াত গ্ৰীষ্মপ্ৰৱাহৰ বাবেই মৃত্যু হোৱা বুলি বক্তব্য দিয়াত চৰকাৰে ইতিমধ্যে দুগৰাকী চিকিৎসকক নিলম্বন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ‘দায়িত্বহীন’ মন্তব্যৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে বিহাৰ চৰকাৰৰ এটা অংশই পুনৰ স্বীকাৰ কৰিছে যে এই মৃত্যুৰ কাৰণ গ্ৰীষ্মপ্ৰৱাহ ৷ অৱশ্যে গ্ৰীষ্মপ্ৰৱাহৰ ফলত হোৱা মৃত্যু, বা এই মৃত্যুৰ আঁৰত আন কিবা কাৰণ আছে, সেই বিষয়ে ৰাজ্য দুখনৰ প্ৰশাসনিক সূত্ৰৰ তথ্য অনুসৰি তদন্ত অব্যাহত আছে।
বিহাৰ সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ বলিয়া জিলা। ১৬-১৮ জুনৰ ভিতৰত এই জিলাত ৫৪ জন লোকৰ মৃত্যু হয়। গ্ৰীষ্মপ্ৰৱাহৰ বাবে সেইসকল লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। জিলা চিকিৎসালয়ত উশাহ-নিশাহ লোৱাত কষ্ট পোৱা আৰু জ্বৰ হোৱাৰ লক্ষণৰ সৈতে প্ৰতিদিনে বৃদ্ধি পাইছে ভৰ্তি হোৱা লোকৰ সংখ্যা। তাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বলিয়াৰ মুখ্য স্বাস্থ্য বিষয়া এছ কে যাদৱে সংবাদ মাধ্যমৰ আগত কয়, ‘মৃত্যুৰ কাৰণ সন্দর্ভত তদন্ত চলি আছে। মৃত্যুৰ কাৰণ জানিব পৰাৰ পিছতহে প্ৰমাণপত্ৰত ইয়াৰ উল্লেখ থাকিব।”
উত্তৰ প্ৰদেশৰ আন এখন জিলা দেওৰিয়াত যোৱা ২৪ ঘন্টাত ৫০ জন লোক গ্ৰীষ্মপ্ৰৱাহত আক্ৰান্ত হৈ অসুস্থ হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই। আনহাতে বিহাৰৰ ভোজপুৰ জিলাত ৫০ জন লোকৰ মৃত্যু হৈছে । ৰাজ্য প্ৰশাসনৰ এটা অংশই স্বীকাৰ কৰিছে যে কেইবাজনো ৰোগীৰ হিটষ্ট্ৰ’কত মৃত্যু হৈছে।