শুনিবলৈ আচৰিত যেন লাগিলেও ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ সর্বাধিক সংখ্যক চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ সাংসদ আব্দুল ৱাহাবে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ সৱিশেষ তথ্য সন্দর্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনৰ মজিয়াত কয় যে ভাৰতত নাগৰিকত্ব লাভৰ বাবে আবেদন কৰা লোকসকলৰ ৭০ শতাংশই পাকিস্তানৰ নাগৰিক ৷ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত নাগৰিকত্বৰ বাবে বর্তমানলৈ ১০,৬৩৫ জন লোকে চলিত বর্ষৰ ১৪ ডিচেম্বৰ পর্যন্ত আবেদন দাখিল কৰিছে ৷ ইয়াৰে ৭,৩০৬ খন আবেদন পাকিস্তানী লোকৰ ৷
তদুপৰি আফগানিস্তানৰ ১,১৫২জন, শ্ৰীলংকা আৰু আমেৰিকাৰ ২২৩ জন , নেপালৰ ১৮৯ জন, বাংলাদেশৰ ১৬১ জন আৰু ৪২৮ জন ৰাষ্ট্ৰহীন লোকে আবেদন দাখিল কৰিছে ৷ একেদৰে চীনৰ ১০ জন লোকে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব ৷ উল্লেখ্য যে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ক্ষমতা আছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৷ সৱিশেষ পৰীক্ষাৰ অন্তত মন্ত্ৰালয়ে নাগৰিকত্ব প্ৰদান কৰে