ঐতিহাসিক বাৰ্মিজ ফিল্ড ৰূপে খ্যাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে । ক’ভিডৰ সম্পূৰ্ণ নীতি-নিয়ম মানি আয়োজন কৰা গণতন্ত্ৰৰ এই পৱিত্ৰ মহোৎসৱত আৰক্ষীৰ সম্ভাষন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে গণৰাজ্য দিৱসৰ মূখ্য অতিথি তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লীণা কুমাৰী পাৱে ।
মুখ্য অতিথি হিচাপে পাৱে উপস্থিত জনসাধাৰণ, চৰকাৰী বিষয়া-কৰ্মচাৰী তথা আৰক্ষীৰ লোকসকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত গণৰাজ্য দিৱস উদযাপনৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰাৰ লগতে যি সকল স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ বিনিময়ত বৃটিছৰ অপশাসনৰ পৰা দেশে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকক সুঁৱৰি উপস্থিত সকলোকে দেশৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হৈ থাকিবলৈ আহবান জনায় । জনসাধাৰণক উদ্দেশ্য কৰি দিয়া ভাষণত মুখ্য অতিথি তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লীণা কুমাৰী পাৱে বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰে ।
মহকুমাধিপতিগৰাকীয়ে বৰ্তমান চৰকাৰখনে ৰাজ্যখনত ড্ৰাগচৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি কয় যে, ইয়াৰ দ্বাৰা ৰাজ্যখনৰ যুৱ-প্ৰজন্মক ড্ৰাগচৰ কৱলৰ পৰা উদ্ধাৰ কৰিব পৰা গৈছে, লগতে মহকুমাধিপতিগৰাকী য়ে ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ যোগেদি মহিলা সৱলীকৰণৰ এক পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে জনসাধাৰণক উদ্দেশ্য কৰি দিয়া ভাষণত বৰ্তমান ৰাজ্য চৰকাৰে ‘মিছন বসুন্ধৰা’ কে ধৰি জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নতিকল্পে লোৱা বিভিন্ন সুদুৰপ্ৰসাৰী আৰু উন্নয়ন মূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে মহকুমাটোৰ ৰাইজক এই পবিত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে তেখেতৰ ভাষণৰ জৰিয়তে বিভিন্ন বিভাগে ৰঙিয়া মহকুমাত গ্ৰহণ কৰা উন্নয়নমূলক তথা জনকল্যানমূলক আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰায় । ভাষণৰ অন্তত ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে আৰক্ষীৰ কুচকাৱাজৰ অভিবাদন গ্রহণ কৰে । অনুষ্ঠানৰ শেষত প্ৰবীণ মুক্তিযোদ্ধা কৃষ্ণ লহকৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
এই অনুষ্ঠানত সহকাৰী আয়ুক্তদ্বয় চম্পক ডেকা আৰু অম্লান বৈশ্য, নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশক, ৰঙিয়া ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) অনন্যা চৌধুৰী, মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা, প্ৰবীণ মুক্তিযোদ্ধা কৃষ্ণ লহকৰ প্ৰমুখ্যে মহকুমাটোৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে,পতাকা উত্তোলন কাৰ্যসূচীৰ পূৰ্বে ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে ৰঙিয়া চহৰৰ গান্ধী উদ্যানত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত মাল্যাৰ্পণ আৰু ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাঙ্গণত অবস্থিত শ্বহীদ স্তম্ভত শ্বহীদ তৰ্পণ কৰে ।
মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় বিশিষ্ট নাগৰিক সকলেও । ইফালে, পুৱা ৭.৩০ বজাত ৰঙিয়া মহকুমাস্থিত বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী-অৰ্দ্ধচৰকাৰী কাৰ্য্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । ইয়াৰ পূৰ্বে, পুৱা ৬:०० বজাৰ পৰা স্থিৰ অনুভাষ যন্ত্ৰ যোগে গীতাঞ্জলি আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি তথ্য আৰু জনসংযোগ বিভাগে মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ প্ৰথম কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । প্ৰণিধানযোগ্য যে, ৰঙিয়া মহকুমা প্ৰশাসনে উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ পৰিকল্পনা হাতত লৈছিল যদিও শেহতীয়াকৈ ক’ভিদৰ তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সকলোধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।