সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো আজি দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে এই দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পুৱা ৭-৩০ বজাত বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰা হয়।
পুৱা ৮-৪৫ বজাত ৰঙিয়াৰ কৃষক-শ্বহীদ ভৱনৰ সমীপৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ পিছতেই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে। অনুষ্ঠানত অসম আৰক্ষী বেটেলিয়ন, এন চি চিৰ লগতে বিভিন্ন বিদ্যালয়ৰ মুঠ ১৪ টা দলৰ ৩৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে মাৰ্চ পাষ্টত ভাগ লৈ কুচ-কাৱাজ প্ৰদৰ্শন কৰে।
এই কাৰ্যসূচীত প্ৰথম তিনিটা স্থান দখল কৰে ক্ৰমে ৰঙিয়া কলেজৰ ৬০ অসম গাৰ্লছ বেটেলিয়ন এন চি চিৰ দল, জৱাহৰ নৱোদয় বিদ্যালয় আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দলে। বিগত বছৰত কভিদ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানৰ ৫ টাকৈ সাংস্কৃতিক দলে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। সাংস্কৃতিক শাখাত প্ৰথম তিনিটা স্থান লাভ কৰে ক্ৰমে মডাৰ্ণ ইংলিছ স্কুল, ফাতিমা কনভেণ্ট স্কুল আৰু মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ সাংস্কৃতিক দলে।
অনুষ্ঠানত বিভিন্ন বিভাগৰ পাৰদৰ্শী বিষয়া-কৰ্মচাৰীসকলৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা সৰ্বমুঠ ২৫ গৰাকী ব্যক্তিক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনাও জনোৱা হয়। উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী “আজাদী কা অমৃত মহোৎসৱ”ৰ লগতে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ অধীনত ৰঙিয়া মহকুমাৰ ৰাইজেও বিগত তিনিদিন ধৰি ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনেৰে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰিছে। আনহাতে স্বাধীনতা দিৱস উপলক্ষে আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰোগীসকল তথা ৰঙিয়া আৱাসিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ফল-মূলো বিতৰণ কৰা হয়।