অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগম (জি এম চি) নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ৱাৰ্ড নং ৫ ৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ উপৰি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ আন দুজন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে। একেদৰে ৬ নম্বৰ আৰু ৭ নম্বৰ ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকীকৈ, ১১ নম্বৰ আৰু ১২ নম্বৰ ৱাৰ্ডৰ এগৰাকীকৈ নিৰ্দলীয় আৰু ২২ নম্বৰ ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ পাছত ৫ নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ সঞ্জয় দাস, ৬ নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ সুতাপা সৰকাৰ আৰু ২২ নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ স্মিতা ৰয় বিনা প্ৰতিদন্দ্বী হৈ আছে। ইয়াৰ ফলত নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৯৭। উল্লেখযোগ্য যে ৫ নম্বৰ ৱাৰ্ডটো অসংৰক্ষিত হোৱাৰ বিপৰীতে ৬ নম্বৰ ৱাৰ্ডটো অনুসুচিত জাতিৰ মহিলা আৰু ২২ নম্বৰ ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত।