ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰীৰ আত্মজীৱনী ‘স্পেয়াৰ’ আজি প্ৰকাশ পাইছে। ইতিমধ্যে ব্ৰিটিছৰ এখন আগশাৰীৰ দৈনিক কাকতকে ধৰি ইউৰোপৰ কেইবাখনো কাকতত কিতাপখনৰ আভাস প্ৰকাশ পাইছিল। কিতাপখনৰ প্ৰতি যথেষ্ট কৌতুহল প্ৰকাশ কৰিছে গ্ৰাহকসকলে ৷
জীৱনৰ বিভিন্ন ঘটনাৰ লগতে তেওঁ সন্নিৱিষ্ট কৰিছে ভাৰত ভ্ৰমণৰ বিষয়ে ৷ হেৰীয়ে তেওঁৰ আত্মজীৱনীত লিখিছে যে বিয়াৰ পূৰ্বে তেওঁৰ পত্নী মেঘান ভাৰতলৈ আহিছিল স্বেচ্ছাসেৱী সংস্থা এটাৰ সৈতে কাম কৰিবলৈ। সেইবাৰ মেঘান আগ্ৰালৈ গৈছিল তাজমহল চাবলৈ। কিন্তু হেৰীয়ে মেঘানক তাজৰ সন্মুখত বহি কোনো ফটো উঠিবলৈ দিয়া নাছিল ৷ কাৰণ হিচাপে হেৰীয়ে মেঘানক মুকুটৰ সন্মুখত মাতৃ ডায়েনাৰ বিখ্যাত ফটোখন দেখুৱাইছিল। তাজৰ সন্মুখত অকলে বহি তোলা ডায়েনাৰ ফটোখনে যেন চাৰ্লছৰ সৈতে তেওঁৰ ভগ্ন সম্পৰ্কৰ প্ৰতীক হৈ পৰিছিল । হেৰীয়ে মেঘানক সেই কথা সোঁৱৰাই দি মেঘানক তাজমহলৰ সন্মুখত ফটো উঠিবলৈ মানা কৰিছিল।
গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত হেৰী আৰু ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ বাহিৰে আন এটা নাম আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছে ৷ সেয়া হৈছে জে আৰ মৰিংগাৰ। ৰাজকুমাৰৰ শব্দসমূহ কিতাপখন লিখিছে মৰিংগাৰে । পুলিৎজাৰ বিজয়ী সাংবাদিক মৰিংগাৰৰ বিখ্যাত আত্মজীৱনীৰ আঁৰৰ লেখক হিচাপে যথেষ্ট সুনাম আছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে কাৰোবাৰ আত্মজীৱনী লিখাৰ আগতে তেওঁ ‘সেই ব্যক্তিজনৰ বিষয়ে আতিগুৰি মাৰি জানিবলৈ চেষ্টা কৰে। গতিকে মনোবিজ্ঞানী চিগমাণ্ড ফ্ৰয়েড আৰু কাৰ্ল জঙৰ লেখা পঢ়ি তেওঁ নিজকে গঢ়ি তুলিছিল। হলিউডৰ তাৰকা জৰ্জ ক্লুনী মৰিংগাৰৰ সৈতে হেৰীয়ে কথা পাতিছিল। আৰু মৰিংগাৰে এই কিতাপখন লিখাৰ বাবে ১০ লাখ ডলাৰ (৮ কোটি ১৬ লাখ টকা) মাচুল লৈছিল।
ইফালে, মেঘান-হেৰী আৰু হলিউডৰ আন কেইবাজনো তাৰকা বাস কৰা কেলিফৰ্ণিয়াৰ চহৰ মণ্টেচিটোত প্ৰচণ্ড খহনীয়াৰ বাবে ভাবুকি আহিছে। অভিনেত্ৰী জেনিফাৰ এনিষ্টন আৰু টিভি উপস্থাপক অপ্ৰা উইনফ্ৰেকে ধৰি কেইবাজনো বাসিন্দাক ঘৰ খালী কৰিবলৈ কোৱা হৈছে। বতৰ বিভাগে সকীয়াই দিছে যে অহা ২৪ ঘণ্টাত লছ এঞ্জেলছৰ পৰা ১৪৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই চহৰখনত ২০ চে.মি. পৰ্যন্ত বৰষুণ হ’ব পাৰে। এই সাগৰৰ পাৰৰ চহৰখনৰ ঘৰবোৰ পাহাৰৰ ওপৰত অৱস্থিত। যোৱা কেইদিনমানৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পাহাৰৰ পৰা নামি আহিবলৈ আৰম্ভ কৰিছে বোকা পানী। ফলত মণ্টেচিটোৰ শ্বেৰিফে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সেই অঞ্চল এৰি যাবলৈ নিৰ্দেশ দিয়ে বাসিন্দাসকলক ।