বঙাইগাঁও ৰে’লৱে ষ্টেচনত সংঘটিত হয় এক ভয়াবহ ঘটনা ৷ ষ্টেচনটোৰ ২ নং প্লেট ফৰ্মত নিৰ্মাণাধীন চাল খহি পৰাৰ ফলত ৮ জন শ্ৰমিক আহত হয় ৷ তাৰে ৩ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ আহত শ্ৰমিক কেইজন ক্ৰমে মৰিগাঁৱৰ বিফুল বৰদলৈ আৰু যতীন বৰদলৈ ,বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ বেণু ৰায় ,চিৰাং জিলাৰ বিজনীৰ গোপাল বৰ্মন আৰু ছাতিপুৰৰ মনোৰঞ্জন বৰ্মন ৷
আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ নিৰ্মাণকাৰ্য চলাই থকাৰ সময়ত শ্ৰমিকৰ নিৰাপত্তাৰ কথা আওকাণ কৰি নিয়োজিত শ্ৰমিক সকলক ছেফটি বেল্ট পৰিধান কৰিবলৈ নিদিয়া আৰু ৰে’লৱে ট্ৰেক আৰু ষ্টেচনৰ মাজেৰে প্ৰবাহিত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ৷
সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি বঙাইগাঁৱৰ এছ পি স্বপ্ননীল ডেকাই কয় যে কালি বঙাইগাঁও ৰে’ল ষ্টেচনত এখন নিৰ্মাণাধীন চাল খহি পৰাৰ ফলত আঠজন শ্ৰমিক আহত হয়। তেওঁলোকক ইতিমধ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷