সন্তানক শুৱাই থৈ মাক দোকানলৈ যোৱাৰ সময়তে হোজাই জিলাৰ কাকী টঙিয়া গাঁৱত জীৱন্তে অগ্নিদগ্ধ হয় এটি আঠমহীয়া শিশু ৷গাওঁখনৰ অছেন আহমেদ নামৰ লোকজনৰ ঘৰত আকস্মিক ভাৱে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু মৃত্যু হয় আঠ মহীয়া শিশুটিৰ ৷শিশুটিৰ নাম ৰখা হৈছিল তাচমিনা খাতুন৷ কৰ্মসূত্ৰে পিতৃ হাচেন থাকে কেৰেলাত অনহাতে মাতৃ নাজমিনা বেগমে কণমানি তাচমিনাক শুৱাই থৈ দোকানলৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ৷ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত আন দুটি শিশু আছিল যদিও কথমপি প্ৰাণ ৰক্ষা কৰি পলাই সাৰিবলৈ সক্ষম হয় শিশু দুটি ৷ উক্ত অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল সেই কথা এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও দুৰ্ঘটনাটোক লৈ সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আঠ মহীয়া শিশুটিৰ অকাল মৃত্যুত সমগ্ৰ কাকী টঙিয়া গাৱঁত ৰাইজৰ মাজত পৰিছে গভীৰ শোকৰ ছাঁ ৷