নয়ডাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ ১০ বছৰ বয়সৰ পৰা প্ৰায় ৭ বছৰ ধৰি (বৰ্তমান এগৰাকী ১৭বছৰীয়া কিশোৰী) নাবালিকাক ‘ডিজিটেল ভাৱে ধৰ্ষণ’ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে নয়ডাৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ শিল্পীক ৷
দেওবাৰে নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এইজন ৮০ বছৰীয়া বৃদ্ধই ১৭ বছৰীয়া কিশোৰীগৰাকীক সাত বছৰ ধৰি “ডিজিটেল ধৰ্ষণ” কৰাৰ অভিযোগ উত্থাপিত হৈছে।
“ডিজিটেল ধৰ্ষণ”ত অভিযুক্ত ব্যক্তি বা ধৰ্ষণকাৰীয়ে বলপূৰ্বক প্ৰৱেশৰ বাবে তেওঁৰ হাত, ভৰিৰ আঙুলি, বা আন যিকোনো বস্তু ব্যৱহাৰ কৰে।মৰিছ ৰাইডাৰ নামৰ এই লোকজনৰ বিৰুদ্ধে ইতিমধ্যে কিশোৰীগৰাকীৰ সৈতে অশ্লীল কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
নাবালিকাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ (ধৰ্ষণ), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু ‘পকচো আইন’ৰ ধাৰা ৫ আৰু ৬ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে যে অভিযুক্তজনে তেওঁৰ দুষ্ট কাৰ্য্যৰ প্ৰতিৰোধ কৰিলেই ভুক্তভোগী নাবালিকা গৰাকীক প্ৰহাৰ কৰিছিল।
এজন আৰক্ষী বিষয়াই জনাইছে যে এই বিষয়ত এতিয়াও অব্যাহত আছে তদন্ত।