অসম আৰক্ষীৰ চি আই ডি বিভাগৰ উদ্যোগত এন চি বিৰ সহযোগত আজিৰে পৰা উলুবাৰীস্থিত অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে Digital forensics Dark Net & criypto currencies বিষয়ৰ প্ৰশিক্ষণ শিবিৰ।প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।সঞ্চালক প্ৰধান মহন্তই নিজৰ ভাষণৰ প্ৰসংগত কয়- ম্যানমাৰে নিজকে অৰ্থনৈতিক ভাৱে শক্তিশালী কৰিবলৈ ড্ৰাগছ প্ৰস্তুত কৰি থকালৈকে ড্ৰাগছৰ বেহা চলিয়ে থাকিব।ইমান সহজে শেষ কৰিব পৰা নাযায়।দেশৰ ভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ মুখ্য স্থান হৈছে গুৱাহাটী।ম্যানমাৰ, লাউছ আৰু থাইলেণ্ড হৈছে ড্ৰাগছৰ গোল্ডেন ট্ৰাইনগল।এই দেশৰ সীমান্তৰে উত্তৰ পূৰ্বাঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ।সেই ট্ৰাইনগল এতিয়া ডেথ ট্ৰাইনগললৈ পৰিণত কৰিছে অসম আৰক্ষীয়ে।
‘উপিয়ামৰ পৰা ড্ৰাগছলৈ নিষিদ্ধ সকলোবোৰ দেশ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় অসমৰ মাজেৰে।
ম্যানমাৰৰ পৰা মিজোৰামহৈ অসম লৈ ড্ৰাগছ অহা কথা উল্লেখ কৰি মহন্তই কয়- সৰবৰাহকাৰীয়ে ডিমাপুৰত মজুত কৰি ৰাখে বৃহৎ পৰিমাণৰ ড্ৰাগছ।অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে গঠন কৰিছে এটা শক্তিশালী দল।উত্তৰ-পূৰ্বাঞ্চলৰ ড্ৰাগছৰ সমস্যাকলৈ চিন্তিত দেশ প্ৰধানমন্ত্ৰী।মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে আৰক্ষীক ।
ড্ৰাগছৰ সমস্যা সমাধানৰ বাবে অসম আৰক্ষীয়ে কাম কৰি থকা বুলি উল্লেখ কৰি সঞ্চালক মহন্তই কয় যে উত্তৰ-পূৰ্বাঞ্চলত ভয়াৱহভাবে আগবাঢ়িছে ড্ৰাগছ সৰবৰাহ, ক্ৰীপ্ট’ কাৰেন্সিৰ ক্ষেত্ৰত।
ইফালে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াই অংশ গ্ৰহণ কৰিছে।প্ৰশিক্ষণ প্ৰদান কৰিব এটা বিশেষজ্ঞ দলে ।শিবিৰত Digital forensics Dark net আৰু crypto currencies কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হব।