দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া এজন কেৰাণীৰ ভুপালস্থিত বাসগৃহত অভিযান চলাই মধ্যপ্ৰদেশ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই উদ্ধাৰ কৰিছে ৮৫ লাখ টকা ৷ আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতে হিৰো কেছৱানীৰ বাসগৃহত তালাচী চলায় ৷ অৱশ্যে আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে বিষপান কৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰে কেছৱানীয়ে ৷
বৰ্তমান প্ৰতিমাহে প্ৰায় ৫০,০০০ টকা দৰমহা লাভ কৰা উচ্চ বর্গৰ কেৰাণী হিৰো কেছৱানীৰ বাসগৃহত তালাচীৰ সময়ত আৰক্ষীয়ে নগদ ধনৰ উপৰি কোটি কোটি টকাৰ সা-সম্পত্তি জব্দ কৰে ৷ বুধবাৰে নিশালৈকে তালাচী অভিযান অব্যাহত ৰখাৰ পাছতে মেচিনেৰে তেওঁৰ বাসগৃহত উদ্ধাৰ কৰা ধন হিচাপ কৰা হয় ৷
আৰক্ষী অধীক্ষক ৰাজেশ মিশ্ৰই জনোৱা মতে, ৰাজ্যিক চিকিৎসা শিক্ষা বিভাগৰ উচ্চ বর্গৰ কেৰাণীজনে ই অ’ ৱাইৰ দলটো ঘৰত উপস্থিত হোৱাৰ সময়ত বাথৰুম ক্লিনাৰ সেৱন কৰে ৷ তদুপৰি কেছৱানীয়ে বিষয়াসকলক তেওঁৰ ঘৰত তালাচী চলোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল ৷ আনকি তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰিছিল কেৰাণীজনে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে কেৰাণীজনক ততাতৈয়াকৈ চৰকাৰী হামিদিয়া হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ অৱস্থা বর্তমান সুস্থিৰ ৷ কেছৱানীৰ বাসগৃহত স্থাৱৰ সম্পত্তি আৰু কোটি কোটি টকাৰ অন্যান্য সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰৰ উপৰিও ৮৫ লাখতকৈ অধিক নগদ ধন উদ্ধাৰ কৰা হৈছে বুলি মিশ্ৰই কয়।
লাভ কৰা নথি পত্ৰ অনুসৰি কেছৱানীৰ সম্পত্তিৰ পৰিমান চাৰি কোটিৰো অধিক ৷ কেছৱানীৰ বাসগৃহটো সজাবলৈ ব্যৱহাৰ কৰা হৈছিল বহু মূল্যবান সামগ্ৰী ৷ ১.৫ কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰীৰে সজোৱা হৈছিল বাসগৃহটো ৷ কেৰাণীজনে মাহে প্ৰায় ৪ হাজাৰ টকা দৰমহা লৈ চাকৰি আৰম্ভ কৰিছিল আৰু বৰ্তমান প্ৰতিমাহে প্ৰায় ৫০ হাজাৰ টকা লাভ কৰে ৷ কেছৱানীৰ পৰিয়ালৰ সদস্যৰ বেংক একাউণ্টতো জমা ৰখা জমা আছে লাখ লাখ টকা ৷ উপাৰ্জনৰ কোনো উৎস নথকা পত্নীৰ নামত তেওঁ বেছিভাগ সম্পত্তি ক্ৰয় কৰিছিল ৷