VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সম্বলপুৰ, গুৱাহাটী, কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস পালন

voicedesk by voicedesk
March 27, 2023
in মুখ্য সংবাদ
সম্বলপুৰ, গুৱাহাটী, কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস পালন
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সাহিত্যৰ প্ৰবাদপুৰুষ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস আজি অসমৰ লগতে ওড়িশাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ নৱনিৰ্মিত সাধনা গৃহত দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত কেন্দ্ৰীয়ভাবে যুগনায়কগৰাকীৰ একালৰ কৰ্মভূমি সম্বলপুৰত তেওঁৰ মৃত্যু দিৱস পালন কৰা হয়। আজি পুৱা ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সম্বলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অজামবৰ মহান্তি আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাপন কৰে ওড়িশাৰ ভূৱনেশ্বৰ নিবাসী অসমীয়া লেখিকা নিৰ্মালি মহন্তই ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বেজবৰুৱাৰ সম্বলপুৰৰ ঐতিহাসিক ভৱনৰ সংৰক্ষণ, নবনিৰ্মান অভিযানৰ গুৰি ধৰোতা জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ পাণ্ডাসহ কেইবাগৰাকীও সাংবাদিক ,অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া ৰাকেশ আগৰৱালা, তাৰিণী পাণ্ডা সহিতে সম্বলপুৰ আৰু অসমৰ কেইবাগৰাকীও ব্যক্তি।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তজনে বেজবৰুৱাৰ সমলসমূহৰ সংৰক্ষণ তথা স্মৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি যাব বুলি মন্তব্য আগবঢ়ায়।আনহাতে নিৰ্মালি মহন্তই অহা দিনবোৰত অসমীয়া সাহিত্য আৰু ওড়িয়া সাহিত্যৰ মাজত সমন্বয়ৰ সেঁতু গঢ়ি তোলাৰ বাবে কাম কৰি যাব বুলি ব্যক্ত কৰে।

সন্ধিয়া ৫ বজাত সম্বলপুৰৰ বিশিষ্টব্যক্তি ,সাহিত্যিক ,সাংবাদিকৰ উপস্থিতিত ৮৫ গছি বন্তি প্ৰজ্বলনেৰে বেজবৰুৱা দেৱৰ নিৰ্মীয়মান বাসগৃহটিত অনুষ্ঠানৰ সামৰণি পেলোৱা হয়। অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ অসমৰ প্ৰতিনিধিৰূপে সম্পাদক ৰন্টু ডেকা, সহকাৰী সম্পাদক কমলেন্দ্ৰ ভৰালী, সাংস্কৃতিক সম্পাদক গোপাল জালান আৰু স্বপন শিল শৰ্মা আৰু উপস্থিত থাকে।

গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীনাথ বেজবৰুৱা চ’ক তথা উদ্যানতো আজি সন্ধিয়া স্মৃতি ৰক্ষা সমিতিয়ে চমু অনুষ্ঠানত বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। বিশিষ্ট লেখক, ভাষাবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ সূচনা কৰে ।শ্ৰী ভট্টাচাৰ্যই চমু বক্তব্যৰে সাহিত্যৰথীক স্মৰণ কৰে। তাৰ পাছতে চাৰিটি শিশু— কৃষ্ণিকা ৰয়, শ্ৰীআঞ্চ ৰয়, মৌচুমী নায়ক আৰু প্ৰণয়া বৰাই পৰিবেশন কৰে জাতীয় সংগীত। আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক মণি মহন্তই আঁতধৰা অনুষ্ঠানত সমিতিৰ কৰ্মকৰ্তা ড৹ ধ্ৰুৱজ্যোতি দাস, নন্দিতা বৰঠাকুৰ আৰু ভালেমান ব্যক্তিয়ে ভাগ লয়।
ইপিনে কলকাতাৰ অসম হাউছতো অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসম হাউছৰ প্ৰাধিকাৰীসকলে সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

Previous Post

সাংগঠনিক শক্তি বৃদ্ধিৰে নিৰ্বাচনী প্ৰস্তুতিৰ আহ্বান অতুল বৰাৰ

Next Post

কন্যা সন্তানৰ পিতৃ হ’ল তেজস্বী যাদৱ, টুইত কৰি কন্যাৰ ফটো প্ৰকাশ বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কন্যা সন্তানৰ পিতৃ হ’ল তেজস্বী যাদৱ, টুইত কৰি কন্যাৰ ফটো প্ৰকাশ বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ

কন্যা সন্তানৰ পিতৃ হ’ল তেজস্বী যাদৱ, টুইত কৰি কন্যাৰ ফটো প্ৰকাশ বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7