প্ৰকৃতিপ্ৰেমীৰ বাবে দুঃখবৰ।অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ মৃত্যু।কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যু হোৱা আশংকা জিৰাফৰ।
ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই অৱগত কৰা মতে-বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফটোৰ।ঘাঁহ খাই থকা অৱস্থাত ডিঙিত ফাঁচ লাগি ধৰিছিল।কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষই চিকিৎসাৰ কোনো ব্যৱস্থা নকৰিলে।ফলত নিশা মৃত্যু হয় জিৰাফটোৰ।
উল্লেখ্য ২০১৯চনত চিৰিয়াখানালৈ অনা হৈছিল দুটা জিৰাফ।মাইশৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই আনিছিল জিৰাফ দুটা।তাৰে এটা জিৰাফৰ এবছৰৰ পূৰ্বে মৃত্যু হৈছিল।
ডি এফ অ অশ্বিনী কুমাৰে জানিবলৈ দিয়া অনুসৰি-মহীশূৰৰ পৰা অনা হৈছিল এনি নামৰ জিৰাফজনী।বয়স আছিল চাৰি বছৰ।মৃত্যুৰ কাৰণ বৰ্তমানো নিশ্চিত নহয়।মৃত্যুৰ ঘটনাক লৈ জাৰি কৰা হৈছে তদন্ত ।তদন্তৰ অন্তত পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য।