ইন্টাৰনেছনেল চেন্টাৰ ফৰ কালচাৰেল ষ্টাডিজৰ “অংশীদাৰিত্বমুলক বহনক্ষম সমৃদ্ধি”ৰ মূলমন্ত্ৰৰে আয়োজিত প্ৰাচীন পৰম্পৰা আৰু সংস্কৃতিৰ গুৰুসকলৰ অষ্টম ত্ৰি-বাৰ্ষিক সমাৰোহৰ শুভাৰম্ভ হ’ল ডিব্ৰুগড়ত। অৰুণাচল প্ৰদেশৰ RIWATCHৰ সহযোগত ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুল প্ৰাংগনত এই সমাৰোহৰ আৰম্ভণি হয়। আৰম্ভণি অনুষ্ঠান উপলক্ষে পুৱাৰ ভাগত ডিব্ৰুগড় চহৰত উলিওৱা এক ৰঙ-বিৰঙি শোভাযাত্ৰাত সমাৰোহত অংশ লোৱা ৩৩খন দেশৰ প্ৰতিনিধিসকলে তেওঁলোকৰ নিজ নিজ পৰম্পৰাগত বেশ-ভূষাৰে ভাগ লয়। উত্তৰ-পূবৰ কেবাটাও জনগোষ্ঠীৰ ঢোল-তাল বাদন আৰু ভক্তিমূলক গীত -মাতৰ মাজেৰে শোভাযাত্ৰাটো ডিব্ৰুগড় চহৰৰ মাজেৰে আগবাঢ়ে। আৰএচএচ-ৰ সৰসংঘচালক ডা° মোহন ভাগৱত মহোদয় আৰু জেষ্ঠ আৰএচএচ নেতা শ্ৰী সুৰেশ চোনীয়েও অংশ লোৱা শোভাযাত্ৰা প্ৰত্যক্ষ কৰে চহৰখনৰ সহস্ৰাধিক উৎফুল্লিত নাগৰিকে।
গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মূল বক্তা হিচাপে উপস্থিত থাকে ডা° মোহন ভাগৱত। পৱিত্ৰ জ্যোতিৰ প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। তাৰ পিছতে, বিশ্বৰ সাতখন মহাদেশৰ প্ৰাচীন বিশ্বাসক প্ৰতিফলিত কৰা প্ৰাৰ্থনা আঠগৰাকী প্ৰতিনিধিয়ে পৰিৱেশন কৰে। বিশেষভাৱে উল্লেখনীয় অৰুণাচল প্ৰদেশৰ ইদু মিচিমি জনগোষ্ঠীৰ প্ৰাৰ্থনা। ড° হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিকে শতাধিক খিলঞ্জীয়া জনগোষ্ঠী আৰু বিশ্বাসৰ গৃহভূমি অসমলৈ আদৰণি জনায়। ভাষণ প্ৰসংগত তেওঁ আঙুলিয়াই দিয়ে যে, বৰ্তমানৰ অসহিষ্ণু আৰু সংঘাত জৰ্জৰ বিশ্বত খিলঞ্জীয়া আস্থাই সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে, আৰু এইটো আমাৰ কৰ্তব্য এই আস্থাক প্ৰতিপালন কৰাটো। আমি এই বিশ্বাস তন্ত্ৰক সংৰক্ষণ কৰিবই লাগিব, কিয়নো এওঁলোক পৰিৱেশৰ প্ৰতি গভীৰভাৱে অংগীকাৰবদ্ধ। তেওঁলোকে অনাদিকালৰ পৰাই প্ৰকৃতিৰ সৈতে সম্প্ৰীতিৰে সহবাস কৰি আহিছে।
এই প্ৰসংগত তেওঁ অসমৰ কেবাটাও জনজাতি আৰু তেওঁলোকৰ প্ৰকৃতিৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰে, যিয়ে নেকি প্ৰাচীন আস্থাৰ সমৃদ্ধিশালী ছৱিখন দাঙি ধৰে। অসমৰ মুখ্যমন্ত্ৰীজনে দুখ প্ৰকাশ কৰি কয় যে, এই জনজাতিসমূহকে ধৰ্মান্তৰকৰণৰ লক্ষ্য হিচাপে লোৱা হৈছে। শিক্ষা আৰু স্বাস্থ্যসেৱাক ধৰ্মান্তৰকৰণৰ টোপ হিচাপে ল’লে। খিলঞ্জীয়া বিশ্বাসৰ স্খলনড়গভীৰ উদ্বেগৰ কাৰণ, কিয়নো এনে হ’লেই সমাজ দুৰ্বল হৈ পৰে। এনে আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতৰ কেবাটাও জনজাতিৰ উদাহৰণ তেওঁ দাঙি ধৰে। তেওঁ স্মৰণ কৰে কেনেদৰে ভগৱান বীৰচা মুণ্ডাই ধৰ্মান্তৰকৰণৰ পৰা তেওঁৰ সম্প্ৰদায়ক প্ৰতিৰক্ষা দিয়া আৰু মুণ্ডা আস্থাক পুনৰুজ্বিৱীত কৰাটো জীৱনৰ সংকল্প হিচাপে লৈছিল। “Why I am a Hindu” নামৰ গ্ৰন্থত মহাত্মা গান্ধীয়ে লিখা এটা বক্তব্যৰ উদ্ধৃতি দিয়ে য’ত গান্ধীয়ে লিখিছিল যে, আস্থাৰ স্খলন মানেই জ্ঞানৰ স্খলন। তেওঁ লগতে দৰ্শকসকল অৱগত কৰাই যে, অসম চৰকাৰে অসমৰ খিলঞ্জীয়া আস্থাক সংৰক্ষণ, সংবৰ্দ্ধন আৰু প্ৰতিপালনৰ বাবে এটা পৃথক বিভাগ স্থাপন কৰিছে।
মূল বক্তব্য দাঙি ধৰি, আৰএচএচ-ৰ মুৰব্বী ডা° মোহন ভাগৱতে আৰম্ভণিতে আধ্যাত্মিকতাৰ ভূমি অসমলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিবৰ্গক স্বাগতম জনায়। তেওঁ আঙুলিয়াই দিয়ে যে, দুই দশক পূৰ্বে এনে এক সমাৱেশেৰেই আৰম্ভ হোৱা যাত্ৰাই আজিৰ পৰ্যায় পালে। দুই দশকৰো অধিক কাল জুৰি ই তিষ্ঠি থাকিব পাৰিলে, এইটোৱেই প্ৰগতি আৰু “অংশীদাৰিত্বমুলক বহনক্ষম সমৃদ্ধি”ৰ মন্ত্ৰেৰে এতিয়া একেলগে কাম কৰিলে সাফল্যৰ ধাৰা ব’ব। ৩০খনৰো অধিক দেশৰ ৩৩ টাতকৈও অধিক প্ৰাচীন পৰম্পৰা আৰু সংস্কৃতিৰ গুৰুসকলক অত্যন্ত আগ্ৰাসী পৰিৱেশতো নিজৰ নিজৰ প্ৰাচীন আস্থাক উজ্জ্বিৱীত কৰি ৰাখিব পৰা কাৰণে তেওঁ অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, এই গুৰুসকলৰ জ্ঞান এতিয়া বিশ্বক খুবেই প্ৰয়োজন। দুহেজাৰ বছৰৰ বিকাশ আৰু বস্তুগত প্ৰগতিৰ পিছতো বিশ্বই এতিয়া সংঘাতৰ মুখামুখি হৈ আছে। বাহিৰতে হওক বা ভিতৰত, শান্তি ক’তো নাই। শিশুৱে বন্দুক লৈ স্কুললৈ যায় আৰু কোনো কাৰণ নোহোৱাকৈ মানুহক গুলিয়াই। ইৰ্ষা আৰু অহমিকা সৰ্বত্ৰ আৰু “আমি আৰু তেওঁলোক”, “আমাৰ আৰু তেওঁলোকৰ” দৰে মানুহৰ মাজত ঠেক মানসিকতাৰ বিভাজনৰ বাবে সংঘৰ্ষ বিদ্যমান। যিসকলে এনে ধৰণৰ গণ্ডীৰ উৰ্দ্ধলৈ গৈ মানবীয়তাক ৰক্ষা কৰিব বিচাৰে, তেওঁলোকেও এটা নতুন গণ্ডীৰ সৃষ্টি কৰে। নেতা তথা চিন্তাবিদসকলে পৰিৱেশ ৰক্ষা কৰাৰ কথা কৈ আহিছে, কিন্তু কেৱল ভাষণৰ বাহিৰে কোনো ফলপ্ৰসূ ব্যৱস্থা হৈ উঠা নাই। সমাজক গুৰুত্ব প্ৰদান নকৰা “ব্যক্তিত্বকেন্দ্ৰিকতাবাদ” ৰ পৰা ব্যক্তিকেন্দ্ৰিক আশা আৰু সামাজিক শান্তিৰ সুৰুঙা নাৰাখি সমাজকে অন্তিম বুলি ভবা “কমিউনিজিম”লৈ বহু তত্ব-বাদ আহিল। সকলো তত্বৰে কেন্দ্ৰত বৈষয়িক প্ৰগতি। সমাধানৰ সূত্ৰ হিচাপে ধৰ্মৰ উত্থান হ’ল যদিও সেয়াও বিফল হ’ল। গৰিষ্ঠসংখ্যক লোকৰ বাবে সৰ্বাধিক ভাল পৰ্যায়ৰ আদৰ্শহে স্পৰ্শ কৰিব পাৰিলে।
যিহেতু ধৰ্মই অবিচ্ছেদ্য সামগ্ৰিকতাক গুৰুত্ব নিদিলে, তাৰ বাবেই মানবীয় দিশসমূহক বান্ধি ৰখা অখণ্ডতাৰ উপাদানসমূহক উপলব্ধি কৰিব নোৱাৰিলে। যাৰ বাবে “সৰ্বে সুখীনা সান্তু” – অৰ্থাৎ সকলো সুখী থাকক এই প্ৰাচীন জ্ঞান তেওঁলোকে আহৰণ কৰিব নোৱাৰিলে। তেওঁলোকৰ ধাৰণা হ’ল প্ৰতিযোগিতাই উত্তম ফলাফলৰ উপায়। স্বাভাৱিকতেই, বলবান জনৰে জয় নিশ্চিত। অথচ, প্ৰাচীন পৰম্পৰাৰ আধাৰ হ’ল “আধ্যাত্মিক অখণ্ডতা”, যাক ভাৰতীয়সকলে ধৰ্ম বুলি আখ্যা দিছে। আমাৰ ধৰ্ম অনুসৰণ কৰিলে আৰম্ভণিতো সুখানুভুতি আছে, মাজতো আছে, শেষতো আছে। এই প্ৰাচীন সংস্কৃতি সমূহে অনুধাৱন কৰিব পাৰে যে, “সকলোৱে এক নহয়, কিন্তু সকলোবোৰেই এক”। আমাৰ আকাৰ আৰু প্ৰকাশ ভিন্ন হ’ব পাৰে, এই বৈচিত্ৰ্যক নেতিবাচক দৃষ্টিৰে চোৱাৰ কোনো কাৰণ নাই; আমি এই বিভিন্নতাক সন্মান জনাব লাগে, কিয়নো এয়াই হৈছে বিভিন্ন আকাৰত প্ৰকাশ পোৱা অখণ্ডতাৰ বৰ্হিপ্ৰকাশ। জ্ঞানে কয়, সুখ ভিতৰত আছে, বাহিৰতেই নাই। কিবা এটা গ্ৰহণ কৰাটো সুখ নহয়, কিন্তু সুখী কাৰণেহে তুমি সেইটো গ্ৰহণ কৰিছা।
ডা° ভাগৱতে উল্লেখ কৰে যে, এজন ব্যক্তি, সম্প্ৰদায় বা সমাজ, ৰাষ্ট্ৰ তথা প্ৰকৃতি সৰ্পিল ভাৱে সংযুক্ত, প্ৰত্যেকেই পৰৱৰ্তী তন্ত্ৰলৈ আগুৱাই গৈ আছে। এক কেন্দ্ৰীয় বৃত্তত তেওঁলোক বিদ্যমান নহয়। এই সংস্কৃতিৰ উত্থানে শান্তি আৰু প্ৰগতি আনিব পাৰে। তেওঁ আঙুলিয়াই দিয়ে, কেনেকৈ ১৯৫১ চনত ৰাষ্ট্ৰসংঘই এক প্ৰস্তাৱত দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে প্ৰাচীন দৰ্শন আৰু পুৰণি সামাজিক প্ৰতিষ্ঠান সমূহৰ বিলুপ্তিকৰণৰ পোষকতা কৰিছিল। “কিন্তু ২০১৩ চনত”, ডা° ভাগৱতে আঙুলিয়াই, “ৰাষ্ট্ৰসংঘই স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বৈশ্বয়িক উন্নয়নৰ বাবে বিকাশশীল নীতিৰে সংস্কৃতি জীন যোৱাটো আৱশ্যক আছিল”। বিভিন্ন পৰম্পৰাৰ প্ৰাচীন জ্ঞান ব্যৱস্থাৰে জড়িত আমি কিন্তু এই কথা জানিছিলো। সেয়ে, আমাৰ সময় সমাগত। প্ৰাচীন সংস্কৃতিয়ে হয়তো ভাবিব পাৰে, আমি তেনেই ক্ষুদ্ৰ তথা পৰিস্থিতি হয়তো সলনি কৰিব নোৱাৰিম। আৰএচএচ সৰসংঘচালকজনে এইখিনিতেই এটা সাধুকথাৰ বৰ্ণনা কৰিলে যাৰ মূল কথা হ’ল, সঠিক জ্ঞান লৈ যদি আমি একত্ৰিত হও আমি পৰিস্থিতি সলনি কৰিব পাৰোঁ আৰু সংঘাত তথা পাৰিপাৰ্শ্বিক দুৰ্যোগবিহীন এখন নতুন পৃথিৱী সৃষ্টি কৰিব পাৰোঁ; লগতে প্ৰাচীন জ্ঞানেৰে সমৃদ্ধ শান্তিৰ যুগ আনিব পাৰোঁ।
এই উপলক্ষ্যতে আইচিচিএচ-ৰ দ্বাৰা ইতিহাস, নৃতত্ব আৰু শাসন কেন্দ্ৰিক এখন নতুন বিদ্যায়তনিক তথা গৱেষণামূলক জাৰ্নালৰো উন্মোচন কৰা হয়। লগতে উন্মোচন কৰা হয় জ্ঞানগৰ্ভ প্ৰবন্ধ আৰু পূৰ্বৰ সমাৰোহসমূহৰ উল্লেখনীয় মূহুৰ্তৰ তথ্য সন্নিবিষ্ট থকা এখন স্মৃতিগ্ৰন্থও। ৩১ জানুৱাৰীত আৰএচএচ-ৰ সৰকাৰ্যবাহ শ্ৰীদত্তাত্ৰেয় হোচাবলে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেমা খাণ্ডু আৰু উপ মুখ্যমন্ত্ৰী শ্ৰী চাওনা মীনৰ সামৰণি অনুষ্ঠানত ভাষণ তথা পৰৱৰ্ত্তী দিনত অৰুণাচল প্ৰদেশৰ ৰ’য়িঙত থকা RIWATCH-ৰ চৌহদ প্ৰতিনিধি বৰ্গৰ দ্বাৰা ভ্ৰমনেৰে এই পাচ দিনীয়া সমাৰোহৰ অন্ত পৰিব।