VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উপ নিৰ্বাচনৰ ৯ প্ৰাৰ্থী কোটিপতি

ফণীধৰ তালুকদাৰৰ সৰ্বাধিক ১০.৭৮ কোটি টকাৰ সম্পত্তি

voicedesk by voicedesk
October 23, 2021
in মুখ্য সংবাদ
উপ নিৰ্বাচনৰ ৯ প্ৰাৰ্থী কোটিপতি
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সমাগত উপ নিৰ্বাচন। মাজত মাথোঁ এসপ্তাহ। জোৰদাৰ হৈছে প্ৰচাৰ অভিযান। কিন্তু আপুনি জানেনে এইবাৰ ৫ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৩১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কেইগৰাকী কোটি টকাৰ সম্পত্তিৰ মালিক? মুঠ ৯ গৰাকী প্ৰাৰ্থীযেই হৈছে কোটিপতি। প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ধনী প্ৰাৰ্থী হৈছে ভৱানীপুৰৰ বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ।

তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১০.৭৮ কোটি । এই তথ্য প্ৰকাশ কৰিছে এ ডি আৰ নামৰ সংস্থাই। প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামাত উল্লেখ কৰা তথ্যৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে। ফণীধৰ তালুকদাৰৰ উপৰি নিৰ্দলীয়ভাবে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা চৌকত আলী আহমেদৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৭০ কোটি টকা।ইপিনে তামুলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীও কোটিপাতি প্ৰাৰ্থী। তেঁওৰ সম্পত্তিৰ পৰিমাণ হৈছে প্রায় ৭ কোটি টকা।

আনহাতে গোসাঁইগাঁও সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল খণ্ডকাৰৰো আছে কোটি টকাৰ সম্পত্তি। নাৰ্জাৰী আৰু খণ্ডকাৰৰ সম্পত্তিৰ পৰিমাণ হৈছে ক্ৰমে ৬.৬০ কোটি আৰু ১.৯৩ কোটি । থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ আৰু বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইও কোটিপতি। এ ডি আৰৰ তথ্য অনুসৰি কোঁৱৰ আৰু বৰগোহাঁইৰ সম্পত্তিৰ পৰিমান হৈছে ক্রমে ৩.৫০ আৰু ২.৪৮ কোটি টকা। মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰৰ সম্পত্তিৰ পৰিমান হৈছে ক্ৰমে ১.৬১ কোটি আৰু ১.৮৫ কোটি টকা।

আনহাতে এইবাৰ প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৫ গৰাকীৰ বিৰূদ্ধে আছে অপৰাধজনিত গোচৰ। ইয়াৰে ৪ গৰাকীৰ বিৰূদ্ধে আছে গুৰুতৰ অভিযোগ। যিসকল প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে তেওঁলোক হৈছে থাওৰাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ, ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ, মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, গোসাঁইগাঁওৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনম খণ্ডকাৰ আৰু গোসাঁইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী কমল ৰয়। শিক্ষাৰ ফালৰ পৰা চাবলৈ গ’লে এজন পঞ্চম শ্ৰেণী উত্তীৰ্ণ আৰু আন এজন অষ্টম শ্ৰেণী উত্তীৰ্ণ। তদুপৰি ৫ গৰাকীয়ে দশম শ্ৰেণী আৰু ৪ গৰাকীয়ে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে।

Previous Post

ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ

Next Post

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা মহিলা বিশ্ব কাপ ফুটবলৰ মেছকট হৈছে ইভা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা মহিলা বিশ্ব কাপ ফুটবলৰ মেছকট হৈছে ইভা

ভাৰতত অনুষ্ঠিত হ'বলগীয়া ফিফা মহিলা বিশ্ব কাপ ফুটবলৰ মেছকট হৈছে ইভা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7